বিশ্ব ফুটবলৰ নতুন বিস্ময় ১৬ বছৰীয়া লেমিন য়ামাল
🔹 শিশুকালতে ছুপাৰষ্টাৰ মেছিৰ কোলাত উঠিছিল য়ামাল
বিশেষ বাৰ্তা, ১২ জুলাই : লেমিন য়ামাল৷ স্পেইনৰ ১৬ বছৰীয়া এইগৰাকী বিস্ময় বালক সম্প্রতি ইউৰো কাপত সকলোৰে চর্চাৰ কেন্দ্রবিন্দু হৈ পৰিছে৷ স্পেইনৰ মাটাৰা প্রদেশৰ এটা শৰণার্থী পৰিয়ালত জন্মগ্রহণ কৰা য়ামালৰ প্রতিভাৰ পৰিচয় থকা বুলি উমান পোৱা গৈছিল যদিও চলিত ইউৰো কাপৰ মঙলবাৰে নিশা ফ্রান্সৰ বিপক্ষে খেলা ছেমিফাইনেল মেচখনত ফুটবল জগতখনে য়ামালৰ প্রতিভাক প্রশংসাৰে ওপচাই পেলায়৷ ইউৰোৰ ইতিহাসৰ সর্বকনিষ্ঠ খেলুৱৈ হিচাপে গ’ল স্ক’ৰ কৰাৰ অভিলেখ ৰচা য়ামালে বুজাই দিলে যে তেওঁ কেৱল এজন প্রতিভাশালী ফুটবলাৰ হ’বলৈ অহা নাই৷ তেওঁ কিংবদন্তি প্রয়াত ডিয়েগো মাৰাডোনা আৰু ছুপাৰষ্টাৰ লিঅ’নেল মেছিৰ দৰে আগন্তুক কেইবাবছৰলৈ ফুটবল জগতখনত শাসন কৰিব বিচাৰে৷ লিঅ’নেল মেছিৰ অৱসৰৰ পূর্বে বিশ্ব ফুটবলৰ বাবে বার্চিলোনাৰ উপহাৰ আছিল য়ামাল৷ মেছিৰ দৰে ১৬ বছৰীয়া স্পেনিছ উইংগাৰগৰাকীয়ে বার্চিলোনাৰ লা মাছিয়া একাডেমীত ফুটবলৰ আদিপাঠ গ্রহণ কৰে৷ স্পেইনৰ ১৫, ১৬, ১৭ আৰু ১৯ বছৰ অনূর্ধ্ব দলৰ হৈ খেলাৰ উপৰি য়ামালে জাতীয় দলটোৰ হৈ ১৩খন মেচত অংশগ্রহণ কৰিছে৷ কেৱল এজন ভাল ফুটবলাৰেই নহয়, ফুটবলৰ উইজার্ড হোৱাৰ সম্ভাৱনাও আছে য়ামালৰ৷ ইউৰোৰ ছেমিত ফ্রান্সৰ বিৰুদ্ধে তেওঁ দিয়া গ’লটোৱে ইয়াৰ প্রমাণ৷ য়ামালৰ পিতৃ মৰক্কোৰ ইকুৱেটৰিয়েল গিনিমা আফ্রিকাৰ এখন সৰু দেশৰ৷ জন্মৰ পৰাই তেওঁৰ জীৱনটো সহজ নাছিল৷ তেওঁৰ পৰিয়ালে কেইবাবাৰো স্থান সলনি কৰিবলগীয়া হৈছিল৷ বিভিন্ন প্রতিকূলতাৰ মাজতো তেওঁৰ ফুটবল প্রতিভাৰ বিকাশ ঘটিছে৷ ২০১৪ চনৰ পৰা বার্চিলোনাত স্থায়ীভাৱে থাকিবলৈ আৰম্ভ কৰে য়ামালৰ পৰিয়ালে৷ তাৰ পিছত বার্চিলোনাৰ ফুটবল একাডেমীত নামভর্তি কৰে য়ামালে আৰু তাতেই তেওঁৰ প্রতিভাই আৰম্ভণিৰে পৰা দৃষ্টি আকর্ষণ কৰিছিল৷ ২০২৩ চনৰ পৰা য়ামালৰ পেছাদাৰী ফুটবল কেৰিয়াৰ আৰম্ভ হৈছিল৷ বিগত ইউৰো কাপৰ সময়ত য়ামালৰ বয়স আছিল মাত্র ১৩ বছৰ৷ ছেমিফাইনেলত ইটালীৰ হাতত পৰাস্ত হয় স্পেইন৷ বন্ধু–বান্ধৱীৰ সৈতে শ্বপিং চেণ্টাৰত থিয় হৈ য়ামালে দেখিলে দেশৰ ক্ষতি৷ তেতিয়াৰে পৰাই য়ামালে দেশৰ হৈ ইউৰো কাপ জয় কৰাৰ সপোন দেখিছিল৷ এইবাৰ ইউৰো কাপ খেলিবলৈ আহি বিপদত পৰিছে য়ামাল৷ তেওঁ জার্মানীৰ শিশু শ্রম আইনৰ আওতাত পৰিবলগীয়া হৈছে৷ জার্মানীৰ শিশু শ্রম আইন অনুসৰি স্থানীয় সময় অনুসৰি নিশা ৮ বজাৰ পৰা নাবালকসকলে কাম কৰাটো অবৈধ৷ কিন্তু খেলুৱৈৰ বাবে অন্তিম সময় নিশা ১১ বজা৷ জার্মানীৰ আইন অনুসৰি স্পেইনে খেল আৰম্ভ হোৱাৰ পৰা সম্পূর্ণ ৯০ মিনিট খেলিলে প্রতিখন মেচতে ২৭ লাখ টকা জৰিমনা ভৰিব লাগিব৷ কিন্তু এই কঠোৰ আইনখনেও য়ামালক বাধা দিব নোৱাৰে৷ ইংলেণ্ডৰ বিপক্ষে খেলিবলগীয়া ফাইনেল মেচখনত সম্পূর্ণ সময় য়ামালক খেলাৰ সুযোগ দিয়া হ’ব বুলি স্পেইন দলটোৰ প্রশিক্ষক লুইছ ডি লা ফুয়েণ্টে মন্তব্য কৰিছে৷ ১৬ বছৰ ৩৬২ দিনত সপোন দেখিছে য়ামালে৷ ১৭সংখ্যক জন্মদিনত ইউৰোৰ ফাইনেল৷ তেওঁ সেইদিনা স্পেইনক চেম্পিয়ন কৰিব বিচাৰে৷ মন কৰিবলগীয়া যে কিছুদিন পূর্বে য়ামালৰ মাতৃয়ে ফুটবল অনুৰাগীৰ সৈতে ছ’চিয়েল মিডিয়াত এখন ছবি শ্বেয়াৰ কৰিছিল৷ ছবিখনত ২০ বছৰীয়া মেছিৰ কোলাত কেইমহীয়া য়ামালক দেখা গৈছে৷ ২০০৭ চনত বার্চিলোনাৰ ফুটবলাৰসকলে স্থানীয় দৰিদ্র পৰিয়ালৰ শিশুৰ সৈতে ফটো তুলিছিল৷ কাকতালীয়কৈ মেছিৰ কোলাত আছিল য়ামাল৷ তেতিয়াই হয়তো ফুটবলৰ ভগৱানে ভৱিষ্যতৰ বাবে তেওঁৰ ওচৰত আশ্রয় পালে৷ ২০২৩ চনৰ ২৯ এপ্রিলত বিশ্বৰ ফুটবলৰ মানচিত্রত ভৰি দিছিল য়ামালে৷