নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অন্তিম টি–২০ মেচতো জয় টীম ইণ্ডিয়াৰ : ৪২ ৰানত পৰাস্ত জিম্বাব’ৱে

🔹 দীঘলীয়া ইনিংছ খেলাত ব্যর্থ ৰিয়ান পৰাগ

বিশেষ বাৰ্তা, ১৪ জুলাই : শৃংখলাৰ পঞ্চম তথা অন্তিমখন টি–২০ মেচতো জয়ৰ সোৱাদ লাভ কৰিলে যুৱ খেলুৱৈৰে সমৃদ্ধ টীম ইণ্ডিয়াই৷ হাৰাৰেত আজি অনুষ্ঠিত মেচখনত ভাৰতীয় দলটোৱে জিম্বাব’ৱেক ৪২ ৰানত পৰাস্ত কৰে৷ মেচখনত বিজয় সাব্যস্ত কৰি শুভমন গিল বাহিনীয়ে শৃংখলাটো ৪–১ৰ ব্যৱধানত দখল কৰে৷ আজিৰ মেচখনত টীম ইণ্ডিয়াই জয়ৰ বাবে বান্ধি দিয়া ১৬৮ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি ডি’ন মায়ের্ছৰ সর্বাধিক ৩৪, টাডিৱানাছে মুৰামানি আৰু ফৰজ আক্রম উভয়ৰে ২৭ ৰানৰ সহায়ত জিম্বাব’ৱেই ১৮.৩ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১২৫ ৰান সংগ্রহ কৰে৷ দলটোৰ মাত্র চাৰিগৰাকী বেটাৰে দহকৰ ঘৰ স্পর্শ কৰে৷ ভাৰতীয় দলটোৰ হৈ মুকেশ কুমাৰে সর্বাধিক চাৰিটা উইকেট লাভ কৰাৰ লগতে শিৱম ডুবেই ২টা, তুষাৰ দেশপাণ্ডে, ৱাশ্চিংটন সুন্দৰ আৰু অভিষেক শর্মাই এটাকৈ উইকেট লাভ কৰে৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰি সঞ্জু ছেমছনৰ দর্শনীয় অর্ধশতকৰ সহায়ত ভাৰতে নির্ধাৰিত ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ১৬৭ ৰান কৰে৷ ছেমছনে ৪৫টা বলত ১টা চাৰি আৰু ৪টা ছয়েৰে ৫৮ ৰানৰ গুৰুত্বপূর্ণ অৰিহণা দললৈ আগবঢ়ায়৷ শিৱম ডুবেই ১২টা বলত ২৬ ৰান কৰে৷ ইফালে, অসম-সন্তান ৰিয়ান পৰাগে দীঘলীয়া ইনিংছ খেলাত ব্যর্থ হয়৷ আন্তঃৰাষ্ট্রীয় ক্রিকেটত নিজকে প্রতিষ্ঠা কৰাৰ বাবে ৰিয়ানে আজি এক সুৱর্ণ সুযোগ লাভ কৰিছিল যদিও ব্যর্থ হয়৷ ২৪টা বলত ২২ ৰান করি পেভিলিয়নমুখী হয় ৰিয়ানে৷ আনহাতে, জয়ছোৱালে ১২, গিলে ১৩ আৰু অভিষেকে ১৪ ৰান কৰে৷ জিম্বাব’ৱেৰ হৈ ব্লেছিং মুজাৰাবানীয়ে সর্বাধিক দুটা উইকেট লাভ কৰে৷

You might also like