নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বকাপ জয়ৰ ১৪ দিন পাছত পুনৰ বিশ্ব চেম্পিয়ন ভাৰত

🔹 ৱর্ল্ড চেম্পিয়নশ্বিপ অৱ লিজেণ্ডছৰ ফাইনেলত পৰাস্ত পাকিস্তান

বিশেষ বাৰ্তা, ১৫ জুলাই : মাত্র দুসপ্তাহ পূর্বে টীম ইণ্ডিয়াই টি–২০ বিশ্বকাপৰ ফাইনেলত দক্ষিণ আফ্রিকাক ৭ ৰানত পৰাস্ত কৰি বিশ্বকাপ জয় কৰিছিল৷ ১৪ দিনৰ অন্তত ভাৰতীয় দলটোৱে পুনৰ বিশ্ব জয় কৰিছে৷ শনিবাৰে নিশা বার্মিংহামত অনুষ্ঠিত ৱর্ল্ড চেম্পিয়নশ্বিপ অৱ লিজেণ্ডছৰ ফাইনেলত পাকিস্তানক ৫ উইকেটত পৰাস্ত কৰে যুৱৰাজ সিং নেতৃত্বাধীন ভাৰতীয় দলটোৱে৷ প্রতিযোগিতাখনৰ লীগ পর্যায়ত পাকিস্তানৰ হাতত পৰাস্ত হোৱাৰ প্রতিশোধ ল’লে ভাৰতীয় দলটোৱে৷ পাকিস্তান চেম্পিয়নছে জয়ৰ বাবে বান্ধি দিয়া ১৫৭ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি অম্বাটি ৰায়ডুৰ ৫০, গুৰকীৰট সিং মানৰ ৩৪ আৰু ইউছুফ পাঠানৰ ৩০ ৰানৰ সহায়ত ইণ্ডিয়া চেম্পিয়নছে ১৯.১ অভাৰত ৫টা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়৷ ৰায়ডুৱে ৩০টা বলত অর্ধশতকীয় ইনিংছটো খেলে৷ ইফালে, ইউছুফে ১৬টা বলত ৩টা ছয় আৰু এটা চাৰিৰে ৩০ ৰানৰ অৱদান আগবঢ়ায়৷ পাকিস্তানৰ হৈ আমিৰ য়ামিনে সর্বাধিক দুটা উইকেট লাভ কৰে৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰি ছোৱেইব মালিকৰ ৪১ আৰু কামৰান আকমলৰ ২৪ ৰানৰ সহায়ত পাকিস্তানে নির্ধাৰিত ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ১৫৬ ৰান সংগ্রহ কৰে৷ ভাৰতৰ হৈ অনুৰীত সিঙে সর্বাধিক ৩টা উইকেট লাভ কৰে৷ প্রতিযোগিতাখনত ভাৰতৰ ইউছুফ পাঠানে শ্রেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে৷ ইফালে, ফাইনেল মেচখনত ৰায়ডু শ্রেষ্ঠ খেলুৱৈ বিবেচিত হয়৷

You might also like