নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বাভিলেখ : ইনিংছৰ প্রথম বলত ১৩ ৰান ভাৰতৰ জয়ছোৱালৰ

বিশেষ বাৰ্তা, ১৫ জুলাই : ইনিংছৰ প্রথম বল৷ চাৰি–ছয় নহয়, ১৩ ৰান সংগ্রহ৷ জিম্বাব’ৱেৰ বিপক্ষে অনুষ্ঠিত পঞ্চম তথা অন্তিমখন টি–২০ মেচত বিশ্ব অভিলেখ স্থাপন কৰে টীম ইণ্ডিয়াৰ যশস্বী জয়ছোৱালে৷ মাত্র এটা বলত ১৩ ৰান সংগ্রহ কৰি টি–২০ ক্রিকেটত নজিৰ গঢ়ে ভাৰতীয় ক্রিকেটাৰগৰাকীয়ে৷ টীম ইণ্ডিয়াৰ ইনিংছৰ প্রথম অভাৰত বলিং কৰিবলৈ আহে জিম্বাব’ৱেৰ অধিনায়ক ছিকন্দৰ ৰাজাই৷ প্রথমটো বলতে জয়ছোৱালে ছিক্সাৰ কোবায়৷ পাছত দেখা গ’ল যে ছিকন্দৰৰ ভৰিখন পপিং ক্রিজৰ বাহিৰ হয়৷ ফলত আম্পায়াৰে ন’ বল দিয়াত ফ্রী হিট লাভ কৰে ভাৰতে৷ ফ্রী হিটত জয়ছোৱালে পুনৰ ছিক্সাৰ কোবায়৷ দুটা ছিক্সাৰৰ পৰা ১২ ৰান আৰু ন’ বলৰ পৰা ১ ৰান লাভ কৰাত ছিকন্দৰৰ প্রথমটো বলত ১৩ ৰান সংগ্রহ কৰে জয়ছোৱালে৷ উল্লেখ্য যে জয়ছোৱালৰ পূর্বে কোনো বেটাৰে ইনিংছৰ প্রথমটো বলত ১৩ ৰান সংগ্রহ কৰাৰ নজিৰ নাই৷

You might also like