এইবাৰ হোলীত অংশ নলয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে
নিয়মীয়া বাৰ্তা, ৪ মাৰ্চঃ দেশজুৰি কৰ’ণা ভাইৰাছৰ আতংক। চীনৰ লগতে বহু কেইখন দেশত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কৰ’ণা ভাইৰাছে। ভাৰততো ২৮জন লোকৰ দেহত ইতিমধ্যে ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ অৱস্থিতি। দেশজুৰি হেল্থ এলাৰ্ট জাৰি কৰা সময়তে প্ৰধানমন্ত্ৰী মোদীৰ টুইট। এইবাৰ হোলীত অংশ নলয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে গৃহমন্ত্ৰী অমিত শ্বাহে। জনসমাগমৰ পৰা আঁতৰি সাৱধানতা অবলম্বন কৰিবলৈও আহ্বান প্ৰধানমন্ত্ৰীগৰাকীৰ। এই সন্দৰ্ভত জৰুৰী বৈঠকৰো অনুষ্ঠিত কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। আনহাতে ইটালী, জাপান, দক্ষিণ কোৰিয়া, ইৰাণলৈ যাত্ৰ নকৰিবলৈও বিশেষ আহ্বান দেশবাসীক।
Experts across the world have advised to reduce mass gatherings to avoid the spread of COVID-19 Novel Coronavirus. Hence, this year I have decided not to participate in any Holi Milan programme.
— Narendra Modi (@narendramodi) March 4, 2020