নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তানৰ পৰা স্থানান্তৰ হ’ব পাৰে চেম্পিয়নছ ট্রফী ক্রিকেট

🔹 জয় শ্বাহ–বিন্নীহঁতক সমর্থন বিভিন্ন দেশৰ

বিশেষ বাৰ্তা, ২১ জুলাই : সদ্যসমাপ্ত টি–২০ বিশ্বকাপ জয় কৰিছে ভাৰতে৷ অহা বছৰ অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্রফী৷ আইচিচিৰ এই প্রতিযোগিতাখন পাকিস্তানত অনুষ্ঠিত হোৱাৰ কথা৷ কিন্তু দেশখনত খেলিবলৈ সন্মত নহ’ব পাৰে ভাৰত৷ তেনেক্ষেত্রত প্রতিযোগিতাখনেই পাকিস্তানৰ পৰা স্থানান্তৰ হ’ব পাৰে৷ সংবাদ মাধ্যমৰ সূত্রই এই কথা সদৰী কৰিছে৷ কাৰণ ভাৰতীয় দলে পাকিস্তানত খেলিবলৈ নগ’লে প্রতিযোগিতাখন স্থানান্তৰ হোৱাটো নিশ্চিত৷ সেয়া হ’লে প্রতিযোগিতাখন শ্রীলংকা অথবা ডুবাইত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা অধিক৷ ভাৰতীয় ক্রিকেট ব’র্ডে আগতেই জনাইছিল যে কেন্দ্রীয় চৰকাৰে অনুমতি দিলেহে পাকিস্তানলৈ পঠিওৱা হ’ব ভাৰতীয় দল৷ যদি ভাৰতে খেলিবলৈ নাযায়, তেনেহ’লে ইংলেণ্ড আৰু অষ্ট্রেলিয়াও দেশখনত খেলিবলৈ নাযায় বুলি সংবাদ মাধ্যমৰ সূত্রত প্রকাশ৷ পাকিস্তান ক্রিকেট ব’র্ডে ইতিমধ্যে আইচিচিক চেম্পিয়নছ ট্রফীৰ প্রস্তাৱিত সূচী জমা দিছে৷ সেই সূচী অনুসৰি অহা বছৰৰ ১৯ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হ’ব চেম্পিয়নছ ট্রফী৷ প্রতিযোগিতাখনৰ ফাইনেল অনুষ্ঠিত হ’ব ৫ মার্চত৷ ভাৰতে অংশগ্রহণ কৰিলে আটাইকেইখন মেচ খেলিব লাগিব লাহোৰৰ গাড্ডাফি ষ্টেডিয়ামত৷ নিৰাপত্তাৰ প্রতি লক্ষ্য ৰাখি ভাৰতৰ মেচসমূহ এখন ষ্টেডিয়ামতে খেলোৱাৰ কথা আছিল৷

You might also like