ক’ৰোনা ভাইৰাছৰ ছিটা
চীনৰ য়ুহান প্রদেশৰ পৰা উদ্ভৱ ঘটি ক’ৰোনা ভাইৰাছে সম্প্রতি সমগ্র বিশ্বতে এক শংকাময় পৰিৱেশৰ সৃষ্টি কৰিছে৷ ইতিমধ্যে তিনি সহস্রাধিক লোকৰ প্রাণ হোৱাৰ লগতে লাখতকৈ অধিক এই ক’ৰোনা ভাইৰাছত আক্রান্ত হৈছে৷ ন’ভেল ক’ৰোনা ভাইৰাছৰ নামকৰণ কৰা হৈছে ক’ভিড–১৯৷ চীনত উদ্ভৱ হোৱা এই ঘাতক ক’ভিড–১৯ৰ সংক্রমণৰ পৰা ৰক্ষা পাবলৈ বিভিন্ন সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰা হৈছে যদিও ইয়াৰ পৰা নিস্তাৰ পোৱা নাই৷ পৰিণতিত বিশ্বৰ ৫৯খন দেশত ক’ভিড–১৯–এ হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰি ৰাখিছে৷ শেহতীয়াভাৱে ভাৰততো এই ক’ভিড–১৯ৰ সংক্রমণ বৃদ্ধি পাইছে৷ নতুন দিল্লীৰ পৰা কেৰালালৈকে, তেলেংগানাৰ পৰা উত্তৰপ্রদেশলৈকে ক’ভিড–১৯ত আক্রান্ত লোকক চিনাক্ত কৰা হৈছে৷ এই ঘাতক ভাইৰাছটোৰ পৰা দেশবাসীক ৰক্ষা কৰিবলৈ কেন্দ্রীয় চৰকাৰে সতর্কতামূলক ব্যৱস্থা হিচাপে হাইএলার্ট জাৰি কৰি ৰাখিছে৷ ৰাষ্ট্রসংঘৰ বিশ্ব স্বাস্থ্য সংস্থাই আন্তর্জাতিক পর্যায়ত স্বাস্থ্য জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে যদিও এতিয়ালৈকে ক’ভিড–১৯য়ে মহামাৰীৰ ৰূপ ল’ব বুলি ঘোষণা কৰিবলৈ বাকী আছে৷ অৱশ্যে মহামাৰীৰ ৰূপ লোৱা বুলি ঘোষণা নকৰিলেও বিশ্বত প্রতিদিনে এখন এখন নতুন দেশত এই ঘাতক ভাইৰাছৰ সংক্রমণ চিনাক্ত হৈছে৷ লক্ষণীয় যে ঘাতক ভাইৰাছৰ চিকিৎসাৰ ক্ষেত্রত বিশেষ ঔষধ এতিয়ালৈকে উদ্ভাৱন কৰিবলৈ সক্ষম নোহোৱাত মানৱ জাতিৰ বাবে প্রত্যাহ্বান হৈ উঠিছে৷ দিনে দিনে এই ভাইৰাছৰ সংক্রমণ বৃদ্ধি পোৱাত উদ্বিগ্ণ চিকিৎসা বিজ্ঞানীসকলে ক’ভিড–১৯ৰ ছিটা উদ্ভাৱনৰ বাবে অহৰহ গৱেষণা চলাই আছে৷ বিভিন্ন আন্তঃৰাষ্ট্রীয় সংবাদ মাধ্যমত ক’ৰোনা ভাইৰাছৰ ছিটা উদ্ভাৱন হোৱা বুলি চর্চা চলিছে যদিও কার্যতঃ সেয়া সম্ভৱ হৈ উঠা নাই৷ ভাৰতৰ পৰা গ্রেট ব্রিটেইন, অষ্ট্রেলিয়াৰ পৰা জার্মানী, আমেৰিকাৰ পৰা চীনৰ বিজ্ঞানীসকলে অহৰহ ঘাতক ভাইৰাছটোৰ ছিটা উদ্ভাৱনৰ বাবে চেষ্টা চলাই আছে ৷
বিশ্বৰ চিকিৎসা বিজ্ঞানীসকলে একত্রিত হৈ ভাইৰাছটোৰ পৰা বিশ্ববাসীক উদ্ধাৰৰ বাবে প্রচেষ্টা চলাই ছিটা উদ্ভাৱনৰ সঠিক দিশে আগবাঢ়িছে৷ ইতিমধ্যে ১১৫ জেনম’ক চিনাক্ত কৰি ভাইৰাছটোৱে শৰীৰত কিদৰে কাম কৰে আৰু ই কেনেদৰে আক্রান্ত এজনৰ পৰা আন এজনলৈ বিয়পি পৰে সেই সন্দর্ভত অধিক গুৰুত্বপূর্ণ তথ্য লাভ কৰিবলৈ সক্ষম হৈছে৷ আনকি এই লাভ কৰা গুৰুত্বপূর্ণ তথ্যসমূহ গ্ল’বেল ইনিছিয়েটিভ অন শ্বেয়াৰিং অল ইনফ্লুয়েঞ্জা ডাটা (জিআইএছএডি)ৰ ৱেবছাইটত উপলব্ধ কৰা হৈছে৷ এই ৱেবছাইটৰ তথ্যসমূহৰ পৰা যাতে গৱেষণাত ব্যস্ত আন কোনো বিজ্ঞানীয়ে উপকৃত হ’ব পাৰে তাক প্রাধান্য দিয়া হৈছে৷ ভাৰতৰ পুনেস্থিত ছেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই আমেৰিকা যুক্তৰাষ্ট্রৰ কোডা জেনিক্সৰ সহযোগত ক’ৰোনা ভাইৰাছৰ ছিটা উদ্ভাৱনৰ শেষ বিন্দুত উপনীত হৈছে৷ দুয়োটা প্রতিষ্ঠানে দাবী কৰা মতে, ২০২২ চনৰ আৰম্ভতে এই ঘাতক ভাইৰাছটোৰ ছিটা মুকলি কৰিব পৰা যাব৷ আনপিনে অক্সফোর্ড বিশ্ববিদ্যালয়ৰ জেনাৰ ইনষ্টিটিউটে ইটালীৰ এডভেণ্টৰ লগত যুটীয়াভাৱে ঘাতক ভাইৰাছটোৰ ছিটা উদ্ভাৱন কৰা বুলি দাবী কৰিছে৷ দুয়োটা প্রতিষ্ঠানে ইতিমধ্যে এক হাজাৰ ছিটা প্রস্তুত কৰি নাম ৰাখিছে ছিএইচএডি’ ইনটু ৱান এণ্ড চি’ভি–১৯৷ এই ছিটাৰ পৰীক্ষণ ইতিমধ্যে আৰম্ভ কৰা হৈছে৷ উল্লেখ্য যে ভাৰতীয় বংশোদ্ভৱ বিজ্ঞানী জড়িত থকা অষ্ট্রেলিয়াৰ কমনৱেলথ ছাইণ্টিফিক এণ্ড ইণ্ডাষ্ট্রিয়েজ ৰিচার্ছ অর্গেনাইজেচন (চিএছআইআৰ’)ৰ সৈতে এপিডেমিক পিপিয়ার্ডনেছ ইনোভেছনৰ সৈতে যুটীয়াভাবে ছিটাৰ উদ্ভাৱন কৰাৰ ক্ষেত্রত অধিক আগবাঢ়ি গৈছে৷ এই প্রতিষ্ঠান দুটাই প্রথমতে ঘাতক ভাইৰাছটোৰ ছিটা উদ্ভাৱন কৰাৰ আশাৰ ৰেঙনি দেখুৱাইছিল৷ ইয়াৰ পাছতে আমেৰিকা যুক্তৰাষ্ট্র, জার্মানীৰ বিজ্ঞানীয়েও ছিটাৰ উদ্ভাৱনত সঠিক দিশে আগবাঢ়িছে৷ বিশ্ব সম্প্রদায়ৰ উন্নত দেশসমূহে একত্রিতভাৱে এই ঘাতক ভাইৰাছটোৰ ছিটা উদ্ভাৱনৰ অন্তিম বিন্দুত উপনীত হোৱাটো নিশ্চয়কৈ আশাৰ বতৰা৷