নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সন্ত্রাসবাদক ধ্বংস কৰি দিব ভাৰতীয় সেনাই

🔹 লাডাখৰ ড্রাছত কার্গিল বিজয়ৰ ২৫ বছৰ পূর্তি

🔹 পাকিস্তানক সকীয়নি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ

নিউজ ডেস্ক, ২৬ জুলাই : কার্গিল যুদ্ধৰ বিজয় দিৱসৰ ২৫ বছৰ পূর্তিৰ দিনাই পাকিস্তানক সকীয়নি দিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ লাডাখৰ ড্রাছত উপস্থিত হৈ প্রধানমন্ত্রীয়ে কয় যে সন্ত্রাসবাদৰ পৃষ্ঠপোষকসকলৰ জঘন্য ষড়যন্ত্ৰ কেতিয়াও সফল নহ’ব৷ সন্ত্রাসবাদীক ভাৰতীয় সেনাই নি:শেষ কৰি দিব বুলিও মন্তব্য কৰে মোদীয়ে৷ সন্ত্রাসবাদীক যোগ্য প্রত্যুত্তৰ দি আহিছে ভাৰতে৷ উল্লেখনীয় যে কার্গিলৰ শ্বহীদ জোৱানসকলক শ্রদ্ধা জনাবলৈ আজি ড্রাছৰ ৱাৰ মেম’ৰিয়েলত উপস্থিত হয় প্রধানমন্ত্রী মোদী৷ ২৫ বছৰীয়া কার্গিল বিজয় দিৱসত প্রধানমন্ত্রী মোদীয়ে ড্রাছত উপস্থিত হৈ সেনা জোৱানসকলক সাক্ষী ৰাখি কয়– ‘আজিৰ পৰা ২৫ বছৰ পূর্বে ভাৰতে কেৱল যুদ্ধতেই জয়লাভ কৰা নাছিল, ইয়াৰ লগতে সত্য, প্রতিৰোধ আৰু শক্তিৰ অসাধাৰণ উদাহৰণ ৰাখিছিল৷ লাডাখৰ এই পৱিত্র ভূমিয়ে আজি কার্গিল বিজয়ৰ ২৫ বছৰীয়া দিৱস উদযাপন কৰিছে৷ দেশৰ বাবে যিসকলে আত্মবলিদান দিছে, আজিৰ দিনটোৱে আমাক মনত পেলাই দিয়ে যে তেওঁলোক দেশৰ ইতিহাসত অমৰ৷’ নিজৰ বক্তৃতাত প্রত্যক্ষভাৱে পাকিস্তানক আক্রমণ কৰি মোদীয়ে কয় যে কূটাঘাত বিয়পাই এতিয়াও ছায়া যুদ্ধ চলাই আছে প্রতিবেশী দেশখনে৷ আনকি প্রতিবেশী দেশখনক সকীয়নি বার্তা দি মোদীয়ে কয় যে আজি বিজয় দিৱসত তেওঁ এনে স্থানৰ পৰা কথা কৈছে, য’ৰ পৰা সন্ত্রাসৰ প্রভুসকলে প্রত্যক্ষভাৱে এই কথা শুনিবলৈ পাব৷ ভাৰতীয় সেনাই সন্ত্রাসবাদীক ধ্বংস কৰি শত্রুৰ মুখত যোগ্য প্রত্যুত্তৰ দিব বুলিও উল্লেখ কৰে প্রধানমন্ত্রীগৰাকীয়ে৷ স্মর্তব্য যে যোৱা ডেৰ মাহত কেইবাবাৰো কাশ্মীৰত সেনাক লক্ষ্য কৰি আক্রমণ চলাইছে সন্ত্রাসবাদীয়ে৷ ইয়াৰ মাজতে আজি সন্ত্রাসবাদীক ভাৰতে উৎখাত কৰিব বুলি মোদীয়ে হুংকাৰ দিয়াটো তাৎপর্যপূর্ণ হিচাপে চিহ্ণিত হৈছে৷ ইফালে, কার্গিল বিজয় দিৱসৰ মঞ্চৰ পৰাই অগ্নিবীৰ আঁচনিক লৈ বিৰোধীক সমালোচনাৰে থকা–সৰকা কৰিলে প্রধানমন্ত্রী মোদীয়ে৷ মোদীয়ে অভিযোগ কৰে যে ক্ষুদ্র ব্যক্তিস্বার্থত কিছুসংখ্যক মানুহে ৰাষ্ট্রীয় নিৰাপত্তাক লৈ ৰাজনীতি কৰিছে৷ সেনাৰ স্বার্থত অগ্নিপথ অতি গুৰুত্বপূর্ণ সংস্কাৰ বুলি মন্তব্য কৰে মোদীয়ে৷ মোদীয়ে এই মঞ্চৰ পৰা কয় যে অগ্নিবীৰ আঁচনি সেনাৰ বাবে গুৰুত্বপূর্ণ সংস্কাৰ৷ কেইবাদশক ধৰি এই বিষয়টোক লৈ সংসদত আলোচনা হৈছিল৷ বহু কমিটীও গঠন হৈছিল বুলি প্রধানমন্ত্রীগৰাকীয়ে মন্তব্য কৰে৷ কিন্তু সদিচ্ছাৰ অভাৱত অগ্নিবীৰ আঁচনিৰ দৰে আঁচনি সফল কৰি তুলিব পৰা নাছিল বুলি মন্তব্য কৰে মোদীয়ে৷ সেনাত তাৰুণ্যৰ প্রয়োজন বুলি উল্লেখ কৰি মোদীয়ে কয় যে অগ্নিবীৰ বীৰৰ দৰেই যুগান্তকাৰী পদক্ষেপ, সেইবাবেই গ্রহণ কৰা হৈছে৷

You might also like