নিয়মীয়া বাৰ্তা, ৫ মার্চঃ নির্ভয়া কাণ্ডৰ অন্যতম অপৰাধী পৱন গুপ্তাৰ প্রাণভিক্ষাৰ আবেদন খাৰিজ কৰিছে ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দে ৷ ইয়াৰ পূর্বে সোমবাৰে দেশৰ উচ্চতম ন্যায়ালয়ে পৱনৰ প্রাণভিক্ষাৰ আবেদন খাৰিজ কৰিছিল ৷ বুধবাৰে ৰাষ্ট্রপতিয়ে নির্ভয়া কাণ্ডৰ অন্যতম অপৰাধীগৰাকীৰ প্রাণভিক্ষাৰ আবেদন নাকচ কৰাৰ পিছত এতিয়া আটাইকেইগৰাকী অপৰাধীৰ বাবে সকলো আইনী প্রক্রিয়া বন্ধ হৈ পৰিল ৷ ইয়াৰ পূর্বে আন তিনিওগৰাকী অপৰাধীৰ প্রাণভিক্ষাৰ আবেদন ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দে খাৰিজ কৰিছিল ৷ উল্লেখ্য যে যোৱা ১৭ ফেব্রুৱাৰীত পাটিয়ালা হাউছ ট্রায়েল ক’র্টে মুকেশ কুমাৰ, পৱন গুপ্তা, বিনয় আৰু অক্ষয় কুমাৰৰ বিৰুদ্ধে মৃত্যু পৰোৱানা জাৰি কৰিছিল ৷ ১৪ দিন পিছত আদালতে তেওঁলোকৰ বিৰুদ্ধে নতুন মৃত্যু পৰোৱানা জাৰি কৰিব ৷