নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫০ হাজাৰ কাৰাবন্দীক মুকলি কৰি দিলে ইৰানে

নিয়মীয়া বাৰ্তা ৫ মাৰ্চঃ ঘাতক ক’ৰোনা ভাইৰাছে দুসপ্তাহৰ ভিতৰতে অতিকমেও ৭৭জন লোকৰ প্রাণ কাঢ়ি লোৱাৰ লগতে দেশৰ সর্বোচ্চ নেতা আয়াতুল্লা আলী খামেইনিৰ ঘনিষ্ঠ এগৰাকীৰো মৃত্যু ঘটিছে৷ এই লৈ শংকাৰ পৰিৱেশ সৃষ্টি হোৱা ইৰানত ঘাতক ভাইৰাছৰ পৰা দেশবাসীক ৰক্ষা কৰিবলৈ বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে৷ ইপিনে কাৰাগাৰৰ পৰাও বন্দীসকলক সাময়িকভাৱে মুকলি কৰি দিয়া প্রক্রিয়া আৰম্ভ কৰিছে৷ ভর্তি হৈ থকা কাৰাগাৰত যাতে ভাইৰাছটোৱে সংক্রমণ ঘটাব নোৱাৰে, তাৰ প্রতি লক্ষ্য ৰাখি দেশখনৰ মুখ্য কাৰাগাৰৰ পৰা ৫০ হাজাৰ কাৰাবন্দীক মুকলি দিছে৷ লক্ষণীয় যে এই কাৰাগাৰখনত ইৰানৰ লগতে ব্রিটিছ নাগৰিকো বন্দী হৈ আছে৷ উল্লেখ্য যে সাধাৰণ নাগৰিকৰ উপৰি দেশখনৰ শীর্ষ পর্যায়ৰ অনেক বিষয়া এই ভাইৰাছত আক্রান্ত হৈছে৷

You might also like