নিয়মীয়া বাৰ্তা, ২৯ জুলাই : বহিঃৰাজ্যৰ পৰা অসমত আলুৰ প্ৰৱেশত বাধাৰ সৃষ্টি হোৱাৰ ফলত বিগত এসপ্তাহৰ পৰা ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে কামৰূপ জিলাৰ বৃহত্তৰ নগৰবেৰা-টুপামাৰী অঞ্চলৰ প্ৰতিখন বজাৰতে আলুৰ অস্বাভাৱিক হাৰত দাম বৃদ্ধি পোৱাত ৰাইজ অস্বস্তিত পৰিছে। সপ্তাহ দিন পূৰ্বে নগৰবেৰাত আলুৰ দাম আছিল প্ৰতিকিলোত ২০ টকা। সম্প্ৰতি গ্ৰাহকে কিনিবলগীয়া হৈছে প্ৰতিকিলো ৪০-৫০ টকা দামত। প্ৰাপ্ত বাতৰি মতে, বিগত দিনত বহিঃৰাজ্যৰ পৰা আলুভৰ্তি ট্ৰাকসমূহ অসম-বংগ সীমান্তৱৰ্তী এলেকাত আবদ্ধ হৈ থকাৰ সুযোগতে দালাল চক্ৰই দৈনিক বৃদ্ধি কৰিছে আলুৰ দাম। ইপিনে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগৰবেৰা, পলাহৰটাৰী, নাইটৰ-বিদ্যানগৰ, কল্যাণপুৰ, মন্দিৰা, মালিৱাৰী, টুপামাৰী, ভখুৰাদিয়া, বদলা, ৰাংগাপানী, জাউকাটাদিয়া, টাঙোনমাৰী, কালাতলী, সোণতলী, আৰিকাটি, হাঁহচৰা, ছমৰীয়া, ত্ৰিলোচন, ভাউৰীয়াভিটা, শেলোসুতি, নিছিলামাৰী, ডেকাচাং আদি বজাৰত আলুৰ নাটনি হোৱা বুলিও জানিব পৰা গৈছে ৷ উল্লেখিত অঞ্চলসমূহৰ পাইকাৰী আলু বিক্ৰেতাৰ ওচৰত পাবলৈ নাই আলু। আলু যদিও আছে, ৪০-৫০ টকাকৈ বিক্ৰী কৰিছে ৷ একাংশ খুচুৰা পাচলি ব্যৱসায়ীৰ পৰা জানিব পৰা মতে, একাংশ পাইকাৰী গুদামত মজুত থকা ২০ টকীয়া আলু চাহিদাৰ সুযোগ লৈ ৪০-৫০ টকাত বিক্ৰী কৰিছে পাইকাৰী ব্যৱসায়ীয়ে। এইক্ষেত্ৰত যোগান বিভাগে ক’লা বজাৰত আলু বিক্ৰী কৰা ব্যৱসায়ীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণত ব্যৰ্থ হৈছে বুলি বহুতে ক্ষোভ প্ৰকাশ কৰে।শীঘ্ৰে এইক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়াহে হ’ব লক্ষণীয়।
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস