নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তেজনা সদায়ে পৰিণত নহয় যুদ্ধলৈ

সেনাৰ মুৰব্বী জেনেৰেল এম এম নাৰাৱানে

নিয়মীয়া বাৰ্তা ৫ মাৰ্চঃ যদি এজন দক্ষ হয়, তেতিয়াহ’লে উত্তেজনা বৃদ্ধিয়ে সদায় এখন যুদ্ধত পৰিণত নহয়৷ এই মন্তব্য ভাৰতীয় সেনাৰ মুৰব্বী এম এম নাৰাৱানেৰ৷ পাকিস্তানৰ বালাক’টত জইচ–ই মহম্মদৰ সন্ত্রাসবাদীৰ ঘাটিত ভাৰতীয় বায়ুসেনা বাহিনীৰ বিমান আক্রমণৰ প্রসংগৰ কথা উল্লেখ কৰি এই তাৎপর্যপূর্ণ মন্তব্য কৰে৷ নতুন দিল্লীত আয়োজিত স্থল যুদ্ধ শীর্ষক আলোচনা–চক্রত অংশ লৈ সেনাৰ মুৰব্বী জেনেৰেল নাৰাৱানে কয় যে সন্ত্রাসবাদীৰ কার্যকলাপ বৃদ্ধিৰ বাবে এখন দেশৰ সৈতে যুদ্ধৰ সম্ভাৱনা নথকা নহয়৷ কিন্তু এখন দেশে যদি সামৰিক শক্তিত দক্ষতা দেখুৱায়, তেতিয়াহ’লে আনখন দেশৰ সন্ত্রাসবাদীৰ শিবিৰত আক্রমণ কৰাৰ পিছতে উত্তেজনা বৃদ্ধি পায়৷ কিন্তু সেই উত্তেজনা যে সদায়ে এখন যুদ্ধলৈ পৰিণত হ’ব সেয়া নহয়৷ মন কৰিবলগীয়া যে ২০১৯ চনৰ ১৪ ফেব্রুৱাৰীত পাকিস্তানস্থিত সন্ত্রাসবাদী সংগঠন জইচ–ই– মহম্মদে কাশ্মীৰৰ পুলৱামাত আত্মঘাতী আক্রণ চলাই ৪০জন চি আৰ পি এফ জোৱানৰ প্রাণ কাঢ়ি নিছিল৷ তাৰ প্রতিহতকল্পে ২৬ ফেব্রুৱাৰীত ভাৰতীয় বায়ু সেনাই পাকিস্তানৰ বালাক’টত সন্ত্রাসবাদীৰ শিবিৰত আক্রমণ কৰিছিল৷ এই লৈ দুই দেশৰ মাজত উত্তেজনা বৃদ্ধি পালেও এখন প্রত্যক্ষ যুদ্ধ এতিয়ালৈকে হোৱা নাই৷ উল্লেখ্য যে কিছুদিন পূর্বে বায়ু সেনাৰ মুৰব্বী মার্শ্বাল আৰ কে এছ ভাদৌৰিয়াও একেই মন্তব্য কৰিছিল৷

You might also like