আমেৰিকাৰ নিৰ্বাচনত কমলা হেৰিছক সমর্থন ছলমান ৰুশ্বডিৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ৩১ জুলাইঃ আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচনৰ পৰা জ’ বাইডেনে নিজৰ নাম প্রত্যাহাৰ কৰাৰ পাছত কমলা হেৰিছক ডেম’ক্রেটিক দলৰ ৰাষ্ট্রপতি পদৰ প্রার্থী হিচাপে বিচাৰে সাহিত্যিক ছলমান ৰুশ্বডিয়ে৷ বাইডেনৰ বিকল্পক লৈ ইতিমধ্যে ডেম’ক্রেটিক দলৰ মাজত আৰম্ভ হৈছে চর্চা৷ আমেৰিকাৰ বর্তমানৰ উপ–ৰাষ্ট্রপতি কমলা হেৰিছকেই ডেম’ক্রেটিক দলৰ অধিকসংখ্যক নেতা–কর্মীয়ে ৰাষ্ট্রপতি নির্বাচনৰ প্রার্থী হিচাপে বিচাৰে বুলি বিভিন্ন সমীক্ষাত প্রকাশ পাইছে৷ ইতিমধ্যে প্রাক্তন ৰাষ্ট্রপতি বাৰাক অ’বামা আৰু তেওঁৰ পত্নী মিচেল অ’বামায়ো কমলা হেৰিছক সমর্থন জনাইছে৷ অৱশ্যে ডেম’ক্রেটিক দলে আনুষ্ঠানিকভাৱে কমলা হেৰিছৰ নাম ৰাষ্ট্রপতি নির্বাচনৰ প্রার্থী হিচাপে ঘোষণা কৰা নাই৷ ডেম’ক্রেটিক দলৰ অধিৱেশনত এই সন্দর্ভত সিদ্ধান্ত গ্রহণ কৰা হ’ব৷ ইয়াৰ মাজতে ছলমান ৰুশ্বডিয়ে কমলা হেৰিছক সমর্থন জনোৱাটো তাৎপর্যপূর্ণ৷