হীৰক জয়ন্তী বৰ্ষ পূৰ্ণ নাহৰকটীয়া কলেজৰ : ডিচেম্বৰত মূল অনুষ্ঠান
নিয়মীয়া বাৰ্তা, ২ আগষ্ট : ব্ৰিটিছৰ কবলৰ পৰা ভাৰতবৰ্ষই শাসনৰ বাঘজৰী লাভ কৰা মাথোঁ ১৭টা বছৰহে সম্পূৰ্ণ হৈছিল তেতিয়া। সেইসময়ৰ অবিভক্ত লখিমপুৰ জিলাৰ (বৰ্তমান ডিব্ৰুগড় জিলা) দক্ষিণ পূব প্ৰান্তত আৰু অৰুণাচল প্ৰদেশৰ পাদদেশৰ বুঢ়ীদিহিং নদীয়ে চৰণ পখালি যোৱা এক চহৰ নাহৰকটীয়াৰ কিছু লোকে এটা স্বপ্ন ৰচিবলৈ আৰম্ভ কৰিছিল, অঞ্চলটোৰ ছাত্ৰ ছাত্ৰী সকলক উচ্চ শিক্ষাৰে দীক্ষিত কৰাৰ বাবে এখন মহাবিদ্যালয় প্ৰতিষ্ঠা কৰাৰ। স্মৰণীয় যে উক্ত সময়ত স্নাতকোত্তৰ শিক্ষা সমাপ্ত কৰি অহা প্ৰয়াত ৰামপ্ৰসাদ চলিহা আৰু স্নাতক শিক্ষা সমাপ্ত কৰি অহা তুলসী মহন্তই এই সপোন টোক বাস্তৱায়িত কৰিবলৈ অঞ্চলটোৰ আন আন সমাজ হিতৈষী শিক্ষানুৰাগী লোকৰ সৈতে আলোচনাত মিলিত হৈ মহাবিদ্যালয় প্ৰতিষ্ঠাৰ অনিশ্চিত যাত্ৰাত হাতে হাত ধৰি আগুৱাই গৈ অৱশেষত পৰৱৰ্তী বৰ্ষতে নাহৰকটীয়া নামৰূপ সংযোগী পথৰ বাঘমৰা গ্ৰেজিঙত এই মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হল। প্ৰণিধানযোগ্য যে প্ৰয়াত ৰামপ্ৰসাদ চলিহাই অধ্যক্ষ আৰু ভাৰতীয় সাৰ নিগম, নামৰূপৰ পৰিচালক মোহিনী নাথ ফুকনে পৰিচালনা সমিতিৰ সভাপতিৰ দায়িত্ব পালন কৰা অঞ্চলটোৰ উচ্চশিক্ষাৰ একমাত্ৰ শিক্ষানুষ্ঠান খনত প্ৰথম বৰ্ষতে ২৭গৰাকী ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰি অঞ্চলটোলৈ আশাৰ ৰেঙণি কঢ়িয়াই আনে। মনকৰিবলগীয়া যে কলা আৰু বাণিজ্য দুয়োটা শাখা থকা এই শিক্ষানুষ্ঠানখনে প্ৰতিষ্ঠা কালৰে পৰা শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰী সকলে সুনাম প্ৰদৰ্শন কৰাৰ উপৰিও ক্ৰীড়া আৰু সাংস্কৃতিক দিশত সমগ্ৰ দেশতে পৰিচয় দিবলৈ সক্ষম হোৱা লগতে অঞ্চলটোত সৃষ্ট বিভিন্ন সামাজিক, প্ৰাকৃতিক আৰু অৰ্থনৈতিক সমস্যা সমাধানৰ ক্ষেত্ৰটো মানৱীয় সাহায্য আৰু পৰামৰ্শ আগবঢ়াই আহিছে। এনেদৰেই কুন্টকময় পথ অতিক্ৰম কৰি ক্ৰমশঃ সফলতাৰ সেন্দুৰীয়া আলি গৰকিবলৈ সক্ষম হোৱা মহাবিদ্যালয়খনে প্ৰতিষ্ঠাৰ হিৰকজয়ন্তী বৰ্ষ গৰকিবলৈ সক্ষম হোৱাত আজি মহাবিদ্যালয় পৰিয়ালত পুৱাৰে পৰা এক উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হোৱাৰ লগতে আনুষ্ঠানিকভাৱে মহাবিদ্যালয় পতাকা উত্তোলনৰ কাৰ্য্যসূচী গ্ৰহণ কৰা হয়। এই উপলক্ষে অধ্যাপক ডঃ ধীৰাজ দাসে আঁত ধৰা এক চমু অনুষ্ঠানত পতাকা উত্তোলন কৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ জ্যোতিপ্ৰসাদ কোঁৱৰে মহাবিদ্যালয় খন প্ৰতিষ্ঠাৰ লগত জড়িত ৰামপ্ৰসাদ চলিহাকে ধৰি প্ৰতিগৰাকী শিক্ষানুৰাগী স্বপ্নদ্ৰষ্টালৈ গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে মহাবিদ্যালয়ৰ প্ৰতিগৰাকী শিক্ষক কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰীক মহাবিদ্যালয় খনৰ উন্নয়নৰ ক্ষেত্ৰত অৰিহণা আগবঢ়াবলৈ আহ্বান জনায়। ইয়াৰ পিছতে প্ৰতিটো সান্মাষিক আৰু উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত কৰা হয় মুকলি কুইজ প্ৰতিযোগিতা। উল্লেখযোগ্য যে চলিত বৰ্ষৰ প্ৰথমৰ পৰা বৰ্ষ জোৰা কাৰ্যসূচীৰে মহাবিদ্যালয় খনে আয়োজন কৰি অহা এই হীৰক জয়ন্তী অনুষ্ঠান সমাপ্ত কৰা হব চলিত বৰ্ষৰ ডিচেম্বৰ মাহত অনুষ্ঠিত কৰিবলগীয়া বৰ্ণাঢ্য সাংস্কৃতিক, শৈক্ষিক আৰু সাহিত্যমূলক কাৰ্যসূচীৰে।
প্ৰেৰক প্ৰাঞ্জল ভূঞা