মনু ভাকেৰৰ সন্মুখত আজি পদক জয়ৰ হেটট্রিকৰ সুযোগ
নিয়মীয়া বাৰ্তা ডিজিটেল, ৩ আগষ্টঃ চলিত পেৰিছ অলিম্পিকত তৃতীয় পদক জয়ৰ দিশে আগবাঢ়িছে ভাৰতৰ তাৰকা মহিলা শ্বুটাৰ মনু ভাকেৰ৷ চলিত অলিম্পিকৰ শ্বুটিঙৰ মহিলাৰ ২৫ মিটাৰ পিষ্টল ইভেণ্টৰ ফাইনেলত স্থান সুৰক্ষিত কৰিছে ভাকেৰে৷ কোৱালিফায়িং ৰাউণ্ডত ভাকেৰে দ্বিতীয় স্থান লাভ কৰে৷ ইফালে, এই ইভেণ্টত ভাৰতৰ আন এগৰাকী প্রতিযোগী ঈশা সিঙে দুর্বল প্রদর্শন দাঙি ধৰি অষ্টাদশ স্থানহে দখল কৰিবলৈ সক্ষম হয়৷ চমকপ্রদ প্রদর্শন দাঙি ধৰি কোৱালিফাইং ৰাউণ্ডত দ্বিতীয় স্থান দখল কৰি ফাইনেললৈ উন্নীত হয় মনু ভাকেৰ৷ ৬০০ৰ ভিতৰত ৫৯০ পইণ্ট সংগ্রহ কৰে মনুৱে৷ প্রি–ছিজন ৰাউণ্ডৰ পিছত তৃতীয় স্থান লাভ কৰে মনুৱে৷ তেওঁৰ স্ক’ৰ আছিল ৩০০ৰ ভিতৰত ২৯৪৷ দ্রুত ৰাউণ্ডৰ পিছত তেওঁ দ্বিতীয় স্থানলৈ উন্নীত হয়৷ এই ৰাউণ্ডত তেওঁ ২৯৬ পইণ্ট সংগ্রহ কৰে৷ হাংগেৰীৰ ভেৰ’নিকা মেজৰে ৫৯২ পইণ্ট লাভ কৰি সামগ্রিকভাৱে প্রথম স্থান লাভ কৰে৷ তেওঁ অলিম্পিকৰ অভিলেখো স্পর্শ কৰে৷ ইৰানৰ হানিয়েই ৰ’ষ্টামিয়ানে তৃতীয় স্থান লাভ কৰে৷ তেওঁৰ মুঠ স্ক’ৰ হৈছে ৫৮৮৷ ভাৰতৰ আন এগৰাকী প্রতিযোগী ঈশাই ফাইনেলত প্রৱেশ কৰাত ব্যর্থ হয়৷ কোৱালিফাইং ৰাউণ্ডত মুঠ ৫৮১ পইণ্ট সংগ্রহ কৰি অষ্টাদশ স্থান দখল কৰে৷ আৰম্ভণিৰে পৰাই ঈশাই ধাৰাবাহিকভাৱে পহণ্ট হেৰুৱাইছিল৷ শেষত উন্নত প্রদর্শন দাঙি ধৰিছিল যদিও ফাইনেলত প্রৱেশ কৰাত ব্যর্থ হয়৷ উল্লেখ্য যে মনুৱে চলিত অলিম্পিকত ইতিমধ্যে দুটাকৈ ব্রঞ্জৰ পদক দখল কৰি ইতিহাস ৰচনা কৰিছে৷ বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱখনৰ শ্বুটিঙৰ মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত ব্রঞ্জৰ পদক লাভ কৰিছিল৷ ইয়াৰ পিছত সৰৱজোৎ সিঙৰ সৈতে ১০ মিটাৰ এয়াৰ পিষ্টলৰ মিক্সড টীম ইভেণ্টতো ব্রঞ্জৰ পদক লাভ কৰে মনুৱে৷