নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গ্ৰেপ্তাৰী পৰোৱানা থকা আচামীক ধৰিবলৈ যোৱা আৰক্ষীক আক্ৰমণ ৩৫ জনীয়া দলৰ 

🔹 ৮জন অপৰাধীক গ্ৰেপ্তাৰ বৰছলা আৰক্ষীৰ

🔹 লাঠী-চোকা অস্ত্ৰৰে আৰক্ষীক আক্ৰমণ কৰি আচামী ৰফিকুলক পলায়নৰ সুযোগ

বিশেষ বাৰ্তা, ৪ আগষ্ট : ঢেকীয়াজুলি ৰাজহ চক্ৰ এলেকাৰ বৰছলা আৰক্ষীয়ে ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰী পৰোৱানা থকা এটা আচামীক গ্ৰেপ্তাৰ কৰি লৈ অনা পথতেই আৰক্ষীৰ দলক গাঁৱৰ একাংশ লোকে আক্ৰমণ কৰি আচামীক পলায়ন কৰিবলৈ সুযোগ দিয়া ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বৃহত্তৰ অঞ্চলটোত । ঘটনাৰ বিৱৰণী অনুসৰি ২ আগষ্টৰ মাজনিশা ১:৩০ মান বজাত বৰছলাৰ ফটাশিমলু গাঁৱৰ গ্ৰেপ্তাৰী পৰোৱানা থকা ৰফিকুল ইছলাম নামৰ মানৱ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক মাৰাত্মক ড্ৰাগছৰ গোচৰত অভিযুক্ত এটা আচামীক ধৰিবলৈ বৰছলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰিয়ংকা বুঢ়াগোহাঁইৰ নেতৃত্বত গৈছিল চালকসহিতে ৫ জনীয়া এটা আৰক্ষীৰ দল ৷ আৰক্ষীৰ দলটোৱে ডেৰ কিলোমিটাৰ আগত আৰক্ষীৰ গাড়ীখন ৰখাই চালকজনক গাড়ীত থৈ খোজকাঢ়ি গৈ কৌশলেৰে গ্ৰেপ্তাৰী পৰোৱানা থকা ৰফিকুল ইছলাম নামৰ আচামীটোক নিজ গৃহত থকা সময়তে কৌশলেৰে গ্ৰেপ্তাৰ কৰি লৈ অহা পথতেই আৰক্ষীৰ দলটোক আক্ৰমণ কৰে ৩৫জনীয়া এটা দলে ৷ লাঠী, জোং, চোকা অস্ত্ৰৰে আৰক্ষীৰ দলটোক গ্ৰেপ্তাৰী পৰোৱানা থকা ৰফিকুল ইছলামৰ পৰিয়ালৰ লগতে ৩৫জনীয়া ফটাশিমলু গাঁৱৰ একাংশই আক্ৰমণ কৰি আচামী ৰফিকুলক পলায়ন কৰিবলৈ সুযোগ দিয়াত আচামীটোৱে পলাই যায় আৰু গাঁৱৰ উন্মাদ একাংশ লোকে আৰক্ষীক আক্ৰমণ কৰাতে ক্ষান্ত নাথাকি আৰক্ষীৰ অস্ত্ৰ কাঢ়ি লৈ যাবলৈও উদ্যত হয় । আৰক্ষীৰে হতাহতিৰ সময়ত আক্ৰমণকাৰীয়ে আৰক্ষীৰ দলটোৰ হাতত থকা এটা 5.56 নম্বৰৰ ইনচাছ ৰাইফলৰ এক জাঁই গুলী বন্দুকৰ পৰা মেগজিন খুলি কাঢ়ি লৈ যায় বুলি সংবাদ মাধ্যমত জনায় আৰক্ষী বিষয়া প্ৰিয়ংকা বুঢ়াগোহাঁয়ে ৷ পুৱতি নিশা আক্ৰমণকাৰীয়ে আৰক্ষীৰ দলটোক আক্ৰমণ কৰি অপৰাধীক পলায়নৰ সুযোগ দিয়ে। উন্মাদ আক্ৰমণকাৰীৰ হাতৰ পৰা কোনোমতে প্ৰাণৰক্ষা কৰি আৰক্ষীৰ দলটোৱে খোজকাঢ়ি আহি থকাৰ পথতে ঢেকীয়াজুলি আৰক্ষী আৰু শিঙৰী আৰক্ষীৰ দুটা দল ঘটনাস্থলীত উপস্থিত হৈ আঘাতপ্ৰাপ্ত আৰক্ষীৰ দলটোক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যায় । উন্মত্ত গঞাৰ আক্ৰমণত বৰছলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰিয়ংকা বুঢ়াগোহাঁইৰ লগতে ৪গৰাকী আৰক্ষী আঘাতপ্ৰাপ্ত হয়। আৰক্ষীয়ে ইয়াৰ পিছতে গাঁওখনত অভিযান চলায় যদিও গাঁওখনত থকা আক্ৰমণকাৰীৰ দলটোৱে পলাই পত্ৰং দিয়ে ৷ বৰছলা আৰক্ষীয়ে গাঁওখনত অভিযান চলাই ইতিমধ্যে আৰক্ষীক আক্ৰমণ কৰা ৮টা অপৰাধীক গ্ৰেপ্তাৰ কৰি জে’ল-হাজোতলৈ প্ৰেৰণ কৰিছে। স্থানীয় সচেতন ৰাইজে সমগ্ৰ ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আৰক্ষীক আক্ৰমণ কৰা আটাইবোৰ আক্ৰমণকাৰীক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তিৰ দাবী তুলিছে । স্থানীয় সচেতন ব্যক্তি এজনে সংবাদ মাধ্যমত জনায় যে ফটাশিমলু গাঁওখনেই হ’ল অপৰাধীৰ ৰম্যভূমি। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সীমান্তৱৰ্তী গাঁওখনৰ একাংশ লোক চোৰাং চিকাৰৰ লগত ওতপ্ৰোতভাৱে জড়িত ৷ ইয়াৰ পূৰ্বেও উক্ত গাঁৱৰ লোকে আৰক্ষীক আক্ৰমণ কৰিছিল ৷ এইটো তিনি নম্বৰ ঘটনা । ফটাশিমলু গাঁৱৰ অপৰাধ মানসিকতাৰ গঞাই কেইবছৰমান পূৰ্বে কাৰেন্টৰ শ্বৰ্ট লগাই ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা প্ৰকাণ্ড হাতী হত্যা কৰি পুতি থৈছিল । গাঁওখনৰ অধিকাংশ লোকৰ বিৰুদ্ধে আৰক্ষী থানাত গোচৰ আছে বুলি জনায় স্থানীয় যুৱকজনে । আনহাতে, অপৰাধীৰ মুক্ত বিচৰণৰ ফটাশিমলু গাঁওখন চৰকাৰী মাটিত অৱস্থিত৷ শীঘ্ৰেই অপৰাধপ্ৰৱণ গাঁওখনত উচ্ছেদ অভিযান চলাবলৈ আৰক্ষী প্ৰশাসনৰ লগতে বিভাগীয় কৰ্তৃপক্ষক দাবী জনায় স্থানীয় সচেতন ৰাইজে ।

প্ৰেৰক কল্পজ্যোতি নাথ

You might also like