নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ দ্রুততম মানৱী ছেণ্ট লুচিয়াৰ জুলিয়েন

🔹 ১০.৭২ ছেকেণ্ডত ১০০ মিটাৰ দৌৰি অভিলেখ

নিউজ ডেস্ক, ৫ আগষ্ট : পেৰিছ অলিম্পিকত মহিলাৰ ১০০ মিটাৰ দৌৰত সোণৰ পদক অর্জন কৰিলে ছেণ্ট লুচিয়াৰ জুলিয়েন আলফ্রেডে৷ ১০.৭২ ছেকেণ্ডত দৌৰ সমাপ্ত কৰি তেওঁ শ্রেষ্ঠত্ব অর্জন কৰে৷ দ্বিতীয় স্থানত শেষ কৰি ৰূপৰ পদক জয় কৰে ছাকাৰি ৰিছার্ডছনে৷ আনহাতে, ব্রঞ্জৰ পদক অর্জন কৰে আমেৰিকাৰেই মেলিছা জেফাৰছনে৷ উল্লেখ্য যে দৌৰৰ ইভেণ্ট আৰম্ভ হোৱাৰ পূর্বে বৰষুণ হোৱা বাবে প্রতিযোগিতা পলমকৈ আৰম্ভ হয়৷ কিন্তু দৌৰ অৰম্ভ হোৱাৰ পিছত বৰষুণত ভিজি থকা ট্রেকত দৌৰোঁতে জুলিয়েনৰ কোনো সমস্যা নহ’ল৷ আৰম্ভণিৰ পৰাই তেওঁ যথেষ্ট আগুৱাই যায়৷ বহু চেষ্টা কৰিও তেওঁক অতিক্রম কৰিব নোৱাৰিলে ছাকাৰিয়ে৷ ১০.৭২ ছেকেণ্ডত দৌৰ সমাপ্ত কৰি ৰাষ্ট্রীয় অভিলেখো গঢ়ে জুলিয়েনে৷ স্বর্ণপদক জয় কৰাৰ পিছত জুলিয়েনৰ উল্লাসে বুজাই দিছিল এই জয়ৰ গুৰুত্ব তেওঁৰ বাবে আৰু দেশৰ বাবে কিমান৷ ছাকাৰিয়ে দৌৰ সমাপ্ত কৰে ১০.৮৭ ছেকেণ্ডত৷ অর্থাৎ জুলিয়েনতকৈ তেওঁ যথেষ্ট সময় লয়৷ আনহাতে, ব্রঞ্জৰ পদক বিজয়ী মেলিছাই দৌৰ সমাপ্ত কৰে ১০.৯২ ছেকেণ্ডত৷ উল্লেখ্য যে বহু বছৰ পিছত অলিম্পিকত দৌৰত পদক জয় কৰিব পৰা নাই জামাইকাৰ কোনো দৌৰবিদে৷ ফ্রেজাৰ–প্রাইছে নাম প্রত্যাহাৰ কৰাত দেশখনৰ একমাত্র খেলুৱৈ হিচাপে টিয়া ক্লেটনে অকলে ফাইনেল খেলে৷ কিন্তু তেওঁ লাভ কৰে সপ্তম স্থান৷ আনহাতে, অলিম্পিকত ছেণ্ট লুচিয়াই ইয়াৰ আগতে কোনো পদক জয় কৰিব পৰা নাছিল৷ ৱেষ্ট ইণ্ডিজৰ দ্বীপৰাষ্ট্রখনৰ পদকৰ অভিশাপৰ অন্ত পেলায় জুলিয়েনে৷

You might also like