🔹 নগৰবেৰা কল্যাণপুৰ এম ই মাদ্ৰাছাত উত্তপ্ত পৰিস্থিতি
নিয়মীয়া বাৰ্তা, ৫ আগষ্ট : কামৰূপৰ ছমৰীয়া প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত নগৰবেৰা কল্যাণপুৰ এম ই মাদ্ৰাছাত পোহৰলৈ আহিছে আজৱ কাণ্ড| বিদ্যালয়খনত নাই প্ৰধান শিক্ষক। পাঠদানৰ সলনি বাকী সহ: শিক্ষকসকলে টোপনিয়াই থকাৰহে অভিযোগ | একেদৰে শ্ৰেণীকোঠাৰ বেৰত গুটখা খাই সকলোৱে পিক পেলোৱাৰ প্ৰতিযোগিতাৰহে যেন আয়োজন কৰিছে ! বেৰতেই নহয়, চিলিং পৰ্যন্ত ৰঙা ৰঙা পিক। ভাবিলেই আচৰিত লাগে। কিদৰে সম্ভৱ হ’ল ইমান উচ্চতাত পিক পেলোৱাটো? মধ্যাহ্ন ভোজনৰ চাউলো পচি গ’ল ৰুমৰ ভিতৰতেই | ৰাইজে পচা চাউল চাবলৈ ৰুম খুলিবলৈ চাবি বিচৰাতহে লাগিল কেণা। শিক্ষক আৰু ৰাইজৰ মাজত চাবিক লৈ কথাৰ কটাকটি হয়। সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ | মুঠতে সপ্তাহৰ প্ৰথম কৰ্মদিনটোতেই বিদ্যালয়খনত স্থানীয় ৰাইজ আৰু ছাত্ৰ-অভিভাৱকে বিদ্যালয়ৰ অনুশাসনহীনতাক লৈ সৃষ্টি কৰে এক উত্তপ্ত পৰিস্থিতি | স্মৰ্তব্য যে সোমবাৰে সাধাৰণ সভা অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও ৰাইজ উপস্থিত হোৱাত শিক্ষকে হেনো ৰাইজক “আলুগুটি” আখ্যা দিয়ে আৰু তাৰ পাছতেই ৰাইজে উদঙালে বিদ্যালয়খনৰ আচল স্বৰূপ | প্ৰশ্ন হয়- শিক্ষানুষ্ঠানখনত চলি থকা এই অৰাজকতা আঁতৰাব পাৰিবনে শিক্ষা বিভাগে ?
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস