নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বন্যহস্তী-ট্ৰাকৰ মুখামুখি : হাতীক বচাবলৈ গৈ ৰাজপথত ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত

নিয়মীয়া বাৰ্তা, ৮ আগষ্ট : নুমলীগড় গ্ৰাম্য থানাৰ অধীনৰ দৈগ্ৰোঙত আজি পুৱতিনিশা এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে তিনিটাকৈ বনৰীয়া হাতীৰ লগতে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন৷ দৈগ্ৰোঙৰ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ ইপাৰৰ পৰা সিপাৰলৈ তিনিটা বন্যহস্তী অতিক্ৰম কৰিবলৈ লওঁতেই এখন ১৬ চকীয়া মালবাহী ট্ৰাকৰ সন্মুখীন হয়৷ ফলত বন্যহস্তী কেইটাক বচাবলৈ গৈ দ্ৰুতগতিত অহা ট্ৰাকখনে ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ দৈগ্ৰোং নদীৰ পকী দলঙত খুন্দা মাৰে। ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰা বন্যহস্তীক বচাই পাৰ হওঁতেই সংঘটিত হয় এই দুৰ্ঘটনাটো। ফলত দৈগ্ৰোং দলঙৰ ৰেলিং ভাঙি কথমপি দৈগ্ৰোং নৈত বাগৰি পৰাৰ পৰা ৰক্ষা পৰে ইউপি২৫চিটি৯৮৯৫ নম্বৰৰ ষোল্ল চকীয়া ট্ৰাকখন। নুমলীগড়ৰ দিশৰ পৰা ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথৰে গোলাঘাট অভিমুখে আহি থকা ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনৰ কথমপী প্ৰাণৰক্ষা পৰে যদিও দুয়োজন সামান্য পৰিমাণে আঘাটপ্ৰাপ্ত হয়। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি হয়৷ ইফালে নুমলীগড় তিনিআলিৰ পৰা ৰঙাজান তথা নামবৰ দৈগ্ৰোং বন্যপ্ৰাণী অভয়াৰণ্যৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথছোৱাত বনৰীয়া হাতীৰ সঘন উপস্থিতি দেখা যায় যদিও পথছোৱাত গাড়ীৰ গতি নিয়ন্ত্ৰণৰ বাবে কোনো নিৰ্দেশনা নথকাত পথছোৱাৰ সৈতে অপৰিচিত চালকসকল প্ৰায়েই বিবুধিত পৰে৷ পথছোৱাত যানবাহনৰ গতি নিয়ন্ত্ৰণৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান জনাইছে মৰঙিৰ প্ৰকৃতিৰ কৰ্মীসকলে৷

প্ৰেৰক অৰ্ণৱ শইকীয়া

You might also like