বাদুলীপাৰত নিযুত মইনা আঁচনিৰ প্ৰ-পত্ৰ বিতৰণ মন্ত্ৰী অতুল বৰাৰ
নিয়মীয়া বাৰ্তা ৮ আগষ্ট : উচ্চ শিক্ষাত কন্যা শিক্ষাৰ্থীৰ নামভৰ্ত্তি বৃদ্ধি কৰা, ৰাজ্যখনত অধিকসংখ্যক ছাত্ৰীৰ বাবে উচ্চ শিক্ষা লাভৰ বাট প্ৰশস্ত কৰা আৰু বাল্য বিবাহ ৰোধ কৰাৰ উদেশ্যে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি নামেৰে এক অভিলাষী আঁচনি আজি শুভাৰম্ভ কৰা হয়। অভিলাষী আঁচনিখন আজি ভিডিঅ কনফাৰেঞ্চযোগে উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। ভিডিঅ কনফাৰেঞ্চযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে আঁচনিখন উদ্বোধন কৰাৰ সমান্তৰালভাৱে অসমৰ বিভিন্ন জিলাৰ বিদ্যালয়ে বিদ্যালয়ে মন্ত্ৰী বিধায়ক সকলে আঁচনিখন সফল ৰূপায়ন কৰাৰ বাবে উপস্থিত হৈ বিদ্যালয় কৰ্তৃপক্ষ,পৰিচালনা সমিতি,ছাত্ৰীসকলৰ লগতে স্থানীয় ৰাইজৰ লগত মিলিত হৈ আঁচনিখনৰ প্ৰপত্ৰ বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। সেই অনুসৰি গোলাঘাট জিলাৰ বোকাখাত সমষ্টিতো মন্ত্ৰী অতুল বৰায়ো সমষ্টিৰ অন্তৰ্গত বাদুলীপাৰৰ সমীপৰ ভোলাগুৰি কমলা মিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ওপৰটেমেৰা কমলা মিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয়ৰ শিক্ষক গোট, স্থানীয় ৰাইজৰ উপস্থিতিত প্ৰপত্ৰ বিতৰণ কৰে । ভোলাগুৰি কমলা মিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ২৮গৰাকী আৰু ওপৰটেমেৰা কমলামিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৬গৰাকী ছাত্ৰীৰ মাজত আঁচনিখনৰ প্ৰপত্ৰ বিতৰণ কৰে মন্ত্ৰীগৰাকীয়ে। অনুষ্ঠানটিৰ পিছতে সংবাদ মাধ্যমৰ সন্মুখত ৰাজনৈতিক সম্পৰ্কীয় কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী অতুল বৰাই৷ আগন্তুক পঞ্চায়ত নিৰ্বাচনত অগপই অকলে নিৰ্বাচনত অৱতীৰ্ণ হোৱা সম্পৰ্কত তেওঁ কয় যে ২০১৬ত মিত্ৰযোঁটৰ চৰকাৰত থকাৰ পিছতো আমি অকলেই পঞ্চায়ত নিৰ্বাচন খেলিছিলো আৰু অকলে নিৰ্বাচন খেলিলে দলীয় কৰ্মকৰ্তাসকলৰ আত্মবিশ্বাস বাঢ়ে। ইয়াৰোপৰি পঞ্চায়ত নিৰ্বাচন অগপই অকলে খেলিলেও মিত্ৰযোঁটত কোনো আউল নালাগে বুলি মন্তব্য কৰে মন্ত্ৰী অতুল বৰাই৷ আনহাতে অনুষ্ঠানটিত ভাষণ প্ৰসংগত তেওঁ কয় যে আঁচনিখনৰ জৰিয়তে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত নামভৰ্ত্তি কৰা ছাত্ৰী সকলৰ বাহিৰে উচ্চতৰ মাধ্যমিক,স্নাতক আৰু স্নাতকোত্তৰ প্ৰথম বৰ্ষত নামভৰ্ত্তি কৰা চৰকাৰী আৰু ভেঞ্চাৰ স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলক উদগনি যোগোৱা উদেশ্যে অভিলাসী আঁচনিখন ৰূপায়ণ কৰা হৈছে। লগতে মন্ত্ৰীগৰাকীয়ে কয় যে আঁচনিখনৰ লক্ষ্য আৰু উদেশ্য হৈছে উচ্চ শিক্ষাত কন্যা শিক্ষাৰ্থীৰ নামভৰ্ত্তি বৃদ্ধি কৰা, ৰাজ্যখনত অধিকসংখ্যক ছাত্ৰীৰ বাবে উচ্চ শিক্ষা লাভৰ বাট প্ৰশস্ত কৰা আৰু বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰত অৰিহণা যোগোৱা। ইয়াৰ উপৰিও অভিলাষী আঁচনিখনৰ সুবিধাসমুহৰ সম্পৰ্কে মন্ত্ৰীগৰাকীয়ে কয় যে ধনী দুখীয়া সকলো শ্রেণীৰ পৰিয়ালৰ কন্যাৰ বাবে উপলব্ধ হব এই আঁচনি, একাদশ শ্ৰেণীত নামভৰ্ত্তি কৰা প্ৰতিগৰাকী যোগ্য ছাত্ৰীৰ বাবে মাহেলি এক হাজাৰ টকাকৈ সৰ্বাধিক দহ মাহলৈ মুঠ দহ হাজাৰ টকা,স্নাতক প্ৰথম বৰ্ষত নামভৰ্ত্তি কৰা প্ৰতিগৰাকী যোগ্য ছাত্ৰীৰ বাবে ১২৫০টকাকৈ সৰ্বাধিক দহ মাহলৈ মুঠ ১২,৫০০ টকা অন্যহাতে, স্নাতকোত্তৰ প্ৰথম বৰ্ষত নামভৰ্ত্তি কৰা প্ৰতিগৰাকী যোগ্য ছাত্ৰীৰ বাবে মাহিলি ২৫০০ টকাকৈ দহ মাহলৈ মুঠ ২৫,০০০ টকা লাভ কৰিব। প্ৰপত্ৰ বিতৰণ কাৰ্যসূচীত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ৰাজীৱ বৰুৱা, উপ-সভাপতি ভৱেশ বড়া, শিক্ষক গোটৰ সভাপতি ফনীধৰ গগৈ আৰু উপ-সভাপতি ডিমান গগৈ উপস্থিত থাকে।
প্ৰেৰক নবীন গোহাঁই