মুখ্যমন্ত্রীৰ নিযুত মইনা আঁচনি উদ্বোধন ড০ হিমন্ত বিশ্ব শর্মাৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ৮ আগষ্টঃ ছাত্রী সবলীকৰণৰ জৰিয়তে সামাজিক উত্তৰণৰ সুদূৰপ্রসাৰী লক্ষ্য আগত লৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি জনতা ভৱন পৰিসৰস্থিত লোকসেৱা ভৱনৰ সভাকক্ষত মুখ্যমন্ত্রীৰ নিযুত মইনা নামৰ আঁচনিখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে৷ উল্লেখ্য যে, বাল্য বিবাহ ৰোধ, উচ্চ শিক্ষাত কন্যা শিক্ষার্থীৰ নামভর্তি বৃদ্ধি, কন্যা সন্তানক শিক্ষা প্রদানৰ ক্ষেত্রত পিতৃ–মাতৃৰ পৰা আর্থিক বোজা লাঘৱ আদি উদ্দেশ্যেৰে গ্রহণ কৰা এই অভিলাষী আঁচনিখনৰ জৰিয়তে উচ্চতৰ মাধ্যমিক প্রথম বর্ষত নামভর্তি কৰা প্রতিগৰাকী যোগ্য ছাত্রীয়ে প্রতিমাহে ১ হাজাৰ টকাকৈ মুঠ দহ হাজাৰ টকা, স্নাতক প্রথম বর্ষত নামভর্তি কৰা প্রতিগৰাকী যোগ্য ছাত্রীয়ে প্রতিমাহে ১২৫০ টকাকৈ মুঠ ১২৫০০ টকা আৰু স্নাত্তকোত্তৰ তথা বিএড প্রথমবর্ষত নামভর্তি কৰা প্রতিগৰাকী যোগ্য ছাত্রীয়ে মাহিলি ২৫০০ টকাকৈ মুঠ ২৫ হাজাৰ টকা বেংক একাউণ্ঢযোগে সর্বাধিক দহ মাহলৈ বছৰত লাভ কৰিব৷ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত নামভর্তি কৰা ছাত্রীসকলৰ বাহিৰে উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ তথা বিএডৰ প্রথম বর্ষত নামভর্তি কৰা চৰকাৰী আৰু ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ ছাত্রীসকল এই আঁচনিখনৰ আওতালৈ আহিব৷ আজি মুখ্যমন্ত্রীৰ নিযুত মইনা আঁচনিখন উদ্বোধন কৰি মুখ্যমন্ত্রী ড০ শর্মাই এই আঁচনিখনৰ এটা সুদূৰপ্রসাৰী সামাজিক লক্ষ্য আছে বুলি মন্তব্য কৰি কয় যে বাল্য বিবাহ ৰোধ কৰাই আঁচনিখনৰ মুল কেন্দ্রবিন্দু৷ তেওঁ কয় যে ৰাষ্ট্রীয় পৰিয়াল স্বাস্থ্য সমীক্ষা, ২০১৯-২১ অনুসৰি ২০ ৰ পৰা ২৪ বছৰ বয়সত অসমৰ ৩১.৮ শতাংশ কন্যাই মাতৃত্বৰ অধিকাৰী হয়৷ অর্থাৎ ৰাজ্যখনৰ যথেষ্ট সংখ্যক কন্যাই ১৮ বছৰ পূর্ণ কৰাৰ আগেয়েই বিবাহপাশত আবদ্ধ হবলগীয়া হয়৷ ইয়াৰ ফলত তেওঁলোক উপযুক্ত পুষ্টি আৰু শিক্ষালাভৰ পৰা বঞ্চিত হবলগীয়া হোৱাৰ উপৰি বহু সময়ত বিভিন্ন প্রত্যাহ্বানমূলক পৰিৱেশৰ সন্মুখীন হব লগাও হয়৷ মুখ্যমন্ত্রীয়ে কয় যে দক্ষিণ শালমাৰা, ধুবুৰী আদি জিলাত ৫০ শতাংশতকৈও অধিক কন্যাই ১৮ বছৰ বয়সতে বিবাহপাশত আবদ্ধ হোৱাৰ তথ্য বিভিন্ন সমীক্ষাত প্রকাশিত হৈছে৷ আনকি বহু সময়ত ১২-১৩ বছৰ বয়সতে মাতৃত্বক আকোঁৱালি লোৱাৰ তথ্যও সমীক্ষাত পোহৰলৈ আহিছে৷ ড০ শর্মাই মন্তব্য কৰে যে ৰাজ্য চৰকাৰে আইন প্রণয়নৰ জৰিয়তে বাল্য বিবাহ ৰোধৰ বাবে ব্যৱস্থা গ্রহণ কৰিছে যদিও সকলো প্রতিৰোধমূলক ব্যৱস্থাৰ ভিতৰত বাল্য বিবাহ ৰোধৰ দিশত শিক্ষাই হৈছে আটাইতকৈ ডাঙৰ সমল৷ তেওঁ কয় যে এগৰাকী কন্যা সন্তানৰ শিক্ষালাভৰ সময়সীমা এক–দুই বছৰ বৃদ্ধি হলেই বহু সময়ত বাল্য বিবাহ প্রতিহত কৰিব পৰাৰ উপৰি তেওঁলোকৰ সুপ্ত প্রতিভা বিকাশতো যথেষ্ট সুযোগ দিব পৰা যায়৷ ডঙ্ম শর্মাই মন্তব্য কৰে যে বহু সময়ত কন্যাসকল কম বয়সতে বিবাহ হোৱা কথাটো নীৰৱে মানি লোৱা হৈছিল আৰু ইয়াৰ বিৰুদ্ধে বিশেষ ব্যৱস্থা লোৱা হোৱা নাছিল৷ তেওঁ লগতে কয় যে ৰাজ্যখনত বছৰি প্রায় ৩ লাখ কন্যাই দশম শ্রেণীলৈকে অধ্যয়ন কৰে৷ কিন্তু দশম শ্রেণী উত্তীর্ণ হোৱাৰ পিছত উচ্চতৰ মাধ্যমিক শ্রেণীত ছাত্রীৰ নামভর্তিৰ সংখ্যা হ্রাস পায়৷ বহু সময়ত তেওঁলোক আর্থিক প্রতিবন্ধকতাৰ বাবেও নামভর্তিৰ পৰা বঞ্চিত হয়৷ ইয়াৰ পৰিপ্রেক্ষিততে ৰাজ্য চৰকাৰে ২০১৬ চনৰ পৰা শিক্ষানুষ্ঠানত নামভর্তি বিনামূলীয়া কৰিছিল বুলি উল্লেখ কৰি ডঙ্ম শর্মাই কয় যে এতিয়া সমর্থ পর্টেলৰ জৰিয়তে নামভর্তি কৰাৰ ব্যৱস্থাই সমগ্র প্রক্রিয়াটোক অধিক স্বচ্ছ কৰি তুলিছে আৰু ৰাজ্য চৰকাৰেও বিদ্যালয়সমূহক নামভর্তিৰ পুঁজি সময়মতে উভতাই দিবলৈ সক্ষম হৈছে৷ তদুপৰি বহু শিক্ষার্থীৰ যাতায়াতৰ খৰচো পিতৃ–মাতৃয়ে বহন কৰিব নোৱাৰে৷ যাৰ বাবে আধাতে শিক্ষানুষ্ঠান এৰা শিক্ষার্থীৰ সংখ্যা বৃদ্ধি পায় আৰু পৰৱর্তী সময়ত বহু সংখ্যক কন্যাই বিবাহত আবদ্ধ হব লগা হয়৷ বাল্য বিবাহ ৰোধৰ যুঁজখনত বৃত্তিগত শিক্ষাও এটা সমল বুলি উল্লেখ কৰি তেওঁ কয় যে এনে শিক্ষাৰে কন্যাসকলক শিক্ষিত কৰিব পাৰিলে নিষ্চিত কর্ম সংস্থাপন লাভ কৰিব বুলি পিতৃ–মাতৃসকল পতিয়ন যাব আৰু নিজ সন্তানৰ শিক্ষা অব্যাহত ৰাখিবলৈ প্রেৰণা দিব৷ এনেবোৰ উদ্দেশ্য আগত ৰাখিয়েই এইবাৰৰ বাজেটত উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ শ্রেণীত নামভর্তি কৰা কন্যাসকলৰ বাবে মুখ্যমন্ত্রীৰ নিযুত মইনা আঁচনিখন গ্রহণ কৰা হৈছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে অহা ১০ অক্টোবৰৰ পৰা আঁচনিখন ৰূপায়ণ কৰাৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ গ্রহণ কৰিছে৷ তেওঁ লগতে কয় যে কোনো এটা শ্রেণীত নামভর্তি কৰা কন্যা শিক্ষার্থীসকলে পৰৱর্তী শিক্ষাবর্ষতো আঁচনিখনৰ সুবিধা লাভ কৰিব যদিও পূর্বৰ বর্ষত শিক্ষানুষ্ঠানত নিয়মীয়াকৈ উপস্থিত থকা আৰু ৰেগিং আদিৰ দৰে অবিদ্যায়তনিক কার্যত লিপ্ত নথকাসকলকহে আঁচনিখনৰ সুবিধা প্রদান কৰা হব৷ আনহাতে উচ্চতৰ মাধ্যমিক আৰু স্নাতক পর্যায়ত অধ্যয়নৰত কোনো বিবাহিতা কন্যাক আঁচনিখনৰ অধীনত সামৰি লোৱা নহব৷ তেনেদৰে মন্ত্রী, সাংসদ আৰু অসম বিধানসভাৰ সদস্যসকলৰ সন্তান আৰু চাকৰিয়াল বিএড শিক্ষার্থীসকলৰ বাবে আঁচনিখনৰ সুবিধা উপলব্ধ নহব৷ তদুপৰি বাণীকান্ত কাকতি বঁটাৰ অধীনত সুক্টাৰ লাভ কৰা ছাত্রীসকল এই আঁচনিখনৰ বাবে যোগ্য বিবেচিত নহব৷ মুখ্যমন্ত্রীয়ে সদৰি কৰে যে আগন্তুক তিনি–চাৰিটা বর্ষত এই আঁচনিখনৰ জৰিয়তে দহ লাখ শিক্ষার্থীক সাঙুৰি লোৱাৰ লক্ষ্য লোৱা হৈছে৷ দেশৰ অন্য কোনো ৰাজ্যতে এই ধৰণৰ বৃহৎ আঁাঁচনি গ্রহণ কৰা হোৱা নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কন্যা শিক্ষার্থীসকলে যাতে নিয়মীয়াকৈ নিজ একাউণ্ঢযোগে ধনৰাশি লাভ কৰি থাকে সেয়া সুনিশ্চিত কৰিবলৈ নির্দিষ্ট সময়ৰ মূৰে মূৰে বেংকত কে ৱাই চি প্র–পত্র পূৰণ কৰি জমা দিবলৈ আহ্বান জনায়৷ প্রসংগক্রমে মুখ্যমন্ত্রীয়ে সদৰি কৰে যে চলিত বর্ষৰ নৱেম্বৰ–ডিচেম্বৰ মাহত অসম আৰক্ষীয়ে বাল্য বিবাহৰ বিৰুদ্ধে আৰু এটা অভিযান চলাব৷ ২০২৪ চনলৈ অসমত বাল্য বিবাহ ৰোধ হব বুলিও তেওঁ আশা প্রকাশ কৰে৷ তেওঁ লগতে জানিবলৈ দিয়ে যে বাণীকান্ত কাকতি বঁটাৰ অধীনত সুক্টাৰ লাভৰ বাবে যোগ্যতা অর্জন কৰা ছাত্রীসকলক অহা নৱেম্বৰ মাহত বাহনসমূহ প্রদানৰ পৰিকল্পনা গ্রহণ কৰা হৈছে৷ মুখ্যমন্ত্রীৰ নিযুত মইনা আঁচনিৰ শুভ উদ্বোধন উপলক্ষ্যত শিক্ষা আদি বিভাগৰ মন্ত্রী ডাঃ ৰণোজ পেগু, পর্যটন আদি বিভাগৰ মন্ত্রী জয়ন্ত মল্লবৰুৱাৰ উপৰি মুখ্যমন্ত্রীৰ প্রধান সচিব কে কে দ্বিবেদী, উচ্চ শিক্ষা সঞ্চালক পমী বৰুৱা, মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজাই প্রমূখ্যে শীর্ষ বিষয়াসকল উপস্থিত থাকে৷ আনহাতে পাণবজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, আর্য্য বিদ্যাপীঠ মহাবিদ্যালয়, বি বৰুৱা মহাবিদ্যালয়, দিছপুৰ মহাবিদ্যালয়, বেলতলা মহাবিদ্যালয় আৰু সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ একাংশ ছাত্রী এই অনুষ্ঠানত উপস্থিত থাকে৷ তদুপৰি আজিৰ এই অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্রান্তৰ মহাবিদ্যালয়সমূহৰ অধ্যক্ষ, অধ্যাপক তথা শিক্ষক–শিক্ষয়িত্রীস অনলাইন মাধ্যমেৰে অংশগ্রহণ কৰে৷ এনে শিক্ষানুষ্ঠানসমূহত কেইবাগৰাকীও মন্ত্রী তথা বিধায়কো উপস্থিত থাকি অনুষ্ঠানৰ শেষত ছাত্রীসকলক প্র–পত্র বিতৰণ কৰে৷