🔹 পৰ্যালোচনা বৈঠকত অভিভাৱক মন্ত্ৰীৰ গুৰুত্বপূৰ্ণ পৰামৰ্শ
বিশেষ বাৰ্তা, ৯ আগষ্ট : চলিত অমৃত বৃক্ষ আন্দোলন-২ ৰ সময়তে তিনিচুকীয়া জিলাত ২৫খন গ্ৰাম্য অৰণ্য নিৰ্মাণ কৰা হ’ব। জিলাখনৰ সকলো প্ৰান্তকে সামৰি অন্তত: এক হেক্টৰ অঞ্চল সামৰি একোখনকৈ অমৃত অৰণ্য নিৰ্মাণ কৰা হ’ব। আজি তিনিচুকীয়া জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন পৰ্যালোচনা সভাত জিলাখনৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এই পৰিকল্পনাত সঁহাৰি জনাই মূলতঃ এম জি এনৰেগা আঁচনিৰ অধীনত এই অভিনৱ কাৰ্যসূচী ৰূপায়ণৰ নিৰ্দেশ দিয়ে। ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰো দায়িত্বত থকা মন্ত্ৰীগৰাকীয়ে সভাত উপস্থিত থকা জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া গুৰনীল সিঙক কয় যে যিসকল জব কাৰ্ডৰ অধিকাৰীয়ে ইচ্ছা কৰে তেওঁলোকক সম্পূৰ্ণ এশ দিনৰ কাম দি এই প্ৰকল্পটো সম্পূৰ্ণ কৰিব লাগে। এই গ্ৰাম্য বনবোৰত তাঁৰ কাঁটাৰ বেৰ দিয়াৰ বাবে বিভাগৰ পৰা ধন ব্যয়তো তেওঁ অনুমোদন জনায়। মন্ত্ৰীগৰাকীয়ে এনে সুন্দৰ আৰু অভিনৱ উদ্ভাৱনীমূলক পৰিকল্পনা হাতত লোৱা বাবে জিলা আয়ুক্ত স্বপ্নীল পালসহ প্ৰশাসনীয় বিষয়াসকলক ধন্যবাদ জনায়। তেওঁ কয় যে এই বনাঞ্চলসমূহ গঢ়ি উঠিলে ৰাজ্যৰ সেউজ পৰিৱেশ গঢ়ি উঠাৰ লগতে পৰিৱেশ আৰু ভূমিৰ সুৰক্ষাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তেওঁ কয় যে ৰাজ্যৰ ভিতৰতে এয়া হ’ব প্ৰথম অভিনৱ পদক্ষেপ। উল্লেখযোগ্য যে চলিত অমৃত বৃক্ষ আন্দোলন-২ৰ সৈতে সংগতি ৰাখি তিনিচুকীয়া জিলাৰ আটাইকেইটা উন্নয়ন খণ্ডকে সামৰি যিবোৰ ঠাইত অন্ততঃ এক হেক্টৰ চৰকাৰী বিবাদহীন খালী ঠাই আছে, সেইবোৰ ঠাইত মূল্যৱান গছপুলি ৰোপণ কৰি একো একোখন বনাঞ্চল গঢ়ি তোলাৰ পৰিকল্পনা যুগুত কৰা হৈছে। ইয়াৰ বাবে কাকপথাৰ উন্নয়ন খণ্ডত এখন, ইটাখুলি উন্নয়ন খণ্ডত ২খন, শদিয়া উন্নয়ন খণ্ডত ৯খন, গুইজান উন্নয়ন খণ্ডত ১খন, হাপজান উন্নয়ন খণ্ডত ১খন, ছৈখোৱা উন্নয়ন খণ্ডত ৪খন আৰু মাৰ্ঘেৰিটা উন্নয়ন খণ্ডত ৭টা স্থান চিনাক্ত কৰা হৈছে। আজি পুৱাৰ ভাগত অনুষ্ঠিত এই পৰ্যালোচনা বৈঠকত মন্ত্ৰীগৰাকীয়ে অন্যান্য বিভাগীয় আঁচনি ৰূপায়ণৰ অগ্ৰগতিৰো বুজ লয় আৰু বিষয়াসকলক যাৱতীয় পৰামৰ্শ আগবঢ়ায়। সভাত জিলাখনৰ উন্নয়নৰ ক্ষেত্ৰত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰা কেইবাটাও আন্ত:ৰাজ্যিক বিষয় মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা মৰ্মে সমাধান কৰাৰ বাবেও ৰাজ্যৰ খাদ্য আৰু অসামৰিক যোগান, আইন আদি বিভাগৰো দায়িত্বত থকা মন্ত্ৰীগৰাকীয়ে আশ্বাস প্ৰদান কৰে। সভাত জিলা আয়ুক্ত স্বপ্নীল পাল, জিলা উন্নয়ন আয়ুক্ত পৱিত্ৰ কুমাৰ দাসৰ উপৰি বিভিন্ন বিভাগৰ জিলা মুৰব্বী বিষয়াসকল উপস্থিত থাকে।
প্ৰেৰক বিবেক বড়া