বাংলাদেশত সংখ্যালঘুক পৰিকল্পিত আক্ৰমণ লজ্জাজনক : এবিভিপি
নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ আগষ্টঃ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে (এবিভিপি) বাংলাদেশৰ হিংসাত্মক পৰিৱেশক লৈ উদ্বেগ প্ৰকাশ কৰিছে। ধৰ্মীয় মৌলবাদী শক্তিসমূহে সমগ্ৰ বাংলাদেশক অৰাজকতা আৰু হিংসাৰ মাজত যি ধৰণে ডুবাই পেলাইছে, বাংলাদেশত হত্যাকে ধৰি অতি জঘন্য আৰু ভয়ানক কাণ্ডসমূহ যিদৰে অবিৰতভাৱে সংঘটিত হৈ আছে সেয়া মানৱতাৰ বাবে অতি চিন্তনীয়। বাংলাদেশৰ বিভিন্ন প্ৰান্তৰ পৰা সংখ্যালঘুৰ ঘৰ, ব্যৱসায়িক স্থান আৰু উপাসনাস্থলীত আক্ৰমণৰ ধাৰাবাহিক খবৰ আহিছে। বাংলাদেশত শান্তি প্ৰতিষ্ঠা কৰিবলৈ ভাৰত চৰকাৰ আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠনসমূহে শীঘ্ৰে হস্তক্ষেপ কৰিবলৈ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে দাবী জনায়। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাজ্যিক সম্পাদক হেৰল্ড মহনে কয় যে বাংলাদেশত যিবোৰ পৰিঘটনা সংঘটিত হৈছে, সেইবোৰত নেতিবাচক আন্তঃৰাষ্ট্ৰীয় শক্তিসমূহেও হিংসাত্মক, অমানৱীয় আৰু ধৰ্মীয় মৌলবাদী উপাদানসমূহৰ প্ৰতি দিশ দেখুৱাইছে। বিদ্যাৰ্থী পৰিষদে ভাৰত চৰকাৰ, বাংলাদেশ চৰকাৰ আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠান আৰু সংগঠনসমূহক বাংলাদেশৰ হিন্দু আৰু বৌদ্ধকে ধৰি সকলো সংখ্যালঘুৰ সুৰক্ষাৰ বাবে সম্ভৱপৰ সকলো পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে। লগতে তেওঁ অসমৰ প্ৰেক্ষাপটো এই বিষয়টি অতিকে সংবেদনশীল বুলি উল্লেখ কৰে।