বামুন্দী মহাবিদ্যালয়ৰ মেধাৱী ছাত্ৰ লক্ষ্যজ্যোতি কলিতাৰ মৃত্যু
নিয়মীয়া বাৰ্তা, ১০ আগষ্ট : কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত বামুন্দী ভকতপাৰা নিৱাসী চন্দ্ৰ কলিতা আৰু শেৱালি কলিতাৰ একমাত্ৰ পুত্ৰ তথা বামুন্দী মহাবিদ্যালয়ৰ মেধাৱী ছাত্র লক্ষ্যজ্যোতি কলিতাৰ কালি নিশা চিকিৎসাধীন অৱস্থাত এইমছত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ১৮ বছৰ। জানিব পৰা মতে, বিগত কিছুদিন ধৰি নিউমনিয়া জ্বৰত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল।যোৱা সাত আগষ্টত লক্ষ্যজ্যোতি কলিতাৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত গুৱাহাটীৰ আয়ুৰচন্দ্ৰা হাস্পতালত ভৰ্তি কৰে। তাত ছাত্ৰজনক ভেনটিলেটৰত ৰখাৰ পিছতো স্বাস্থ্যৰ কোনো পৰিবৰ্তন নহৈ অধিক জটিল হৈ পৰে আৰু চিকিৎসকে লক্ষ্যজ্যোতিৰ অৱস্থা সংকটজনক সদৰী কৰাত পৰিয়ালৰ লোকে পুনৰ চাংসাৰিস্থিত এইমচলৈ লৈ যায় যদিও নিশা চিকিৎসকে লক্ষ্যজ্যোতিক মৃত ঘোষণা কৰে। বামুন্দী মহাবিদ্যালয়ৰ স্নাতক বিভাগৰ ১ম বৰ্ষৰ ষাণ্মাসিকৰ অতি মেধাৱী ছাত্ৰ লক্ষ্যজ্যোতি কলিতাৰ মৃত্যুত বামুন্দী অঞ্চলত শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে। তেওঁৰ মৃত্যুত সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক পংকজ কলিতা, পশ্চিম বংশৰ আঞ্চলিক ছাত্ৰ সন্থা, বামুন্দী শাখা ছাত্ৰ সন্থা, বামুন্দী তৰুণ সংঘ আৰু পুথিভঁৰাল, প্ৰৱাহ বামুন্দী আদি বিভিন্ন ব্যক্তি আৰু অনুষ্ঠানে শোক প্ৰকাশ কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।
প্ৰেৰক শ্বাহজাহান ইছলাম