নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিমবংগ সীমান্তৱৰ্তী গোলকগঞ্জত জলসম্পদ মন্ত্ৰীৰ মথাউৰি পৰিদৰ্শন

🔹 উন্নত প্ৰযুক্তিৰে নিৰ্মাণ কৰা হ’ব অসমৰ মথাউৰি : মন্ত্ৰী পীয়ূষ হাজৰিকা

বিশেষ বাৰ্তা, ১১ আগষ্ট : ধুবুৰী জিলাৰ অসম-পশ্চিমবংগ সীমান্তৱৰ্তী গোলকগঞ্জৰ কইমাৰীত গংগাধৰ নৈয়ে খহনীয়া সৃষ্টি কৰা বহুকেইটা অঞ্চল আৰু মথাউৰি নিৰ্মাণৰ কাম পৰিদৰ্শন কৰে জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকাই। মন্ত্ৰীগৰাকীয়ে প্ৰথমে অসম-পশ্চিমবংগ সীমান্তৱৰ্তী বাকডোকৰা গাঁৱত উপস্থিত হৈ জনসাধাৰণৰ সৈতে বাৰ্তালাপ কৰে। এই স্থানত কোনো মথাউৰি নথকা বাবে ইয়াৰ জনসাধাৰণে প্ৰতিবছৰে বিশেষকৈ বানৰ সময়ত জীয়াতু ভুগি আহিছে। আজিৰ এই পৰিদৰ্শনৰ পাছতে মন্ত্ৰী হাজৰিকাই অঞ্চলটোৰ জনসাধাৰণক অতি সোনকালে নৱেম্বৰৰ পৰা কাম আৰম্ভ কৰি এটা মথাউৰি নিৰ্মাণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। ইয়াৰ পাছতে গোলাৰখাচ অঞ্চল পৰিদৰ্শন কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই। এই অঞ্চলত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এটা বান্ধ ২০২২ চনত ছিগি কাষৰীয়া অঞ্চলত বানৰ সৃষ্টি কৰি আহিছিল।

এইবাৰ জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকাৰ নিৰ্দেশমৰ্মে জলসম্পদ বিভাগে ছিগা অংশ মেৰামতি কৰি মথাউৰি নিৰ্মাণৰ বাবে ব্যৱস্থা হাতত লয়। আজি এই স্থান মন্ত্ৰী হাজৰিকাই নাৱেৰে পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লৈ কয় যে বিভাগৰ কামত স্থানীয় ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে। এই স্থানত প্ৰায় ডেৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণ কৰাৰ ব্যৱস্থা লোৱাৰ ফলত প্ৰায় ১,৯০০ হেক্টৰ কৃষিভূমিৰ লগতে প্ৰায় ৯০ হাজাৰ লোক বানৰ পৰা মুক্ত হৈছে। এই অঞ্চলত খহনীয়া প্ৰতিৰোধৰ বাবেও প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইপিনে, নৱেম্বৰত জিঅ’ মেগাটিউবেৰে উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰি মথাউৰি নিৰ্মাণ কৰাৰ কথা উল্লেখ কৰে। লগতে এই বছৰ জলসম্পদ বিভাগ আৰু পঞ্চায়ত-গ্ৰামোন্নয়ন বিভাগৰ যিমানকেইটা মথাউৰি ভাঙিছিল, সেই গোটেই মথাউৰি জিঅ’ মেগাটিউবেৰে বন্ধাৰ কথাও কয় মন্ত্ৰী হাজৰিকাই। উল্লেখ্য যে জিঅ’ মেগাটিউবসমূহ পানীয়ে উটুৱাই নিব নোৱাৰে। আজিৰ পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীৰ সৈতে প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় সৰকাৰ, অসম যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মা, ধুবুৰী জিলা বিজেপিৰ সভাপতি প্ৰসেনজিৎ দত্ত, ধুবুৰী জিলা অগপৰ সভাপতি অমল সাহা, জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা, বিভাগীয় অভিযন্তা উপস্থিত থাকে।

You might also like