🔹 ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ দাবী সদৌ তিৱা ছাত্ৰ সন্থাৰ
বাৰ্তা বুৰো, ১২ আগষ্ট : মৰিগাঁও জিলাৰ নেলীৰ স্বয়ম্ভু পালিনেতা অনুপ পাতৰ ওৰফে অনুপ দৰফাঙৰ বিত্তীয় প্ৰৱঞ্চনাৰ বলি হৈ চাৰি দিন পূৰ্বে নেলীৰ তিৱা ৰাজপৰিয়ালৰ সন্তান মাধুৰ্য কোঁৱৰে চৰম পথ লোৱাৰ খবৰে সমগ্ৰ জিলাখনত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰি থকাৰ মাজতে জাগীৰোড আৰক্ষীয়ে আজি অভিযুক্ত স্বয়ম্ভু জাতীয় সংগঠনৰ নেতা অনুপ দৰফাঙক গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে ধৃত অনুপ দৰফাঙে তিৱা ৰাজপৰিয়ালৰ সন্তান মাধুৰ্য কোঁৱৰৰ পৰা বিভিন্ন নথি-পত্ৰ সংগ্ৰহ কৰি গোপনে তেওঁৰ নামত এক অজ্ঞাত বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ সংগ্ৰহ কৰি বলেৰ’ পিকআপ বাহন ক্ৰয় কৰিছিল। পৰৱৰ্তী সময়ত বিত্তীয় প্ৰতিষ্ঠানৰ ই এম আইৰ তাগিদাত ব্যতিব্যস্ত হৈ চাৰি দিন পূৰ্বে মাধুৰ্য কোঁৱৰে চৰম পথ বাছি লৈছিল বুলি পৰিয়ালে অভিযোগ উত্থাপন কৰিছিল । অভিযোগ উত্থাপন হৈছে যে অনুপ দৰফাঙে মাধুৰ্যৰ উপৰি সমগ্ৰ মধ্য অসমত আন বহু জনগোষ্ঠীয় যুৱকৰ নথি-পত্ৰ জালিয়াতি কৰি বহুসংখ্যক বাহন ক্ৰয় কৰি মেঘালয়-নাগালেণ্ডত গোপনে বিক্ৰী কৰি দিছে। উল্লেখ্য যে কেইমাহমান পূর্বলৈকে এই অনুপ নামৰ যুৱকজন তিৱা ছাত্ৰ সন্থাৰ চেনিৰাম মালাং গোটৰ সম্পাদকৰ দায়িত্বত আছিল যদিও বৰ্তমান সংগঠনটোৱে তেওঁক দায়িত্বৰ পৰা অব্যাহতি দিয়া বুলি প্ৰকাশ কৰিছে। উল্লেখ্য যে মাধুৰ্যৰ পৰিয়ালৰ পৰা লিখিত অভিযোগ লাভৰ পিছতে মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসৰ নিৰ্দেশত আজি জাগীৰোড আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আনহাতে, এই ঘটনাটো সন্দৰ্ভত বিভিন্ন দিশৰ পৰা আৰক্ষীয়ে অনুসন্ধান চলাই আছে বুলি সংবাদ মাধ্যমক অৱগত কৰিছে মৰিগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই।
ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ দাবী সদৌ তিৱা ছাত্ৰ সন্থাৰ
তিৱা ৰাজপৰিয়ালৰ মাধুৰ্য কোঁৱৰৰ মৃত্যুৰ ঘটনাৰে জড়িত বেংক কেলেংকাৰিৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ দাবী জনাই সদৌ তিৱা ছাত্ৰ সন্থাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পীয়ূষ হাজৰিকালৈ স্মাৰক-পত্ৰ প্ৰেৰণ কৰে। সদৌ তিৱা ছাত্ৰ সন্থাৰ সভাপতি অনিৰুদ্ধ মিঠি আৰু সম্পাদক প্ৰশান্ত মছৰঙে এক প্ৰেছ বিবৃতিযোগে কয় যে সহজ-সৰল জনগোষ্ঠীয় যুৱকসকলৰ অজ্ঞতাৰ সুযোগ লৈ অনুপ দৰফাং নামৰ ব্যক্তিজনে যি লুণ্ঠন কৰিছে তাৰ বিরুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰক্ষীয়ে। আনহাতে, তিৱা ছাত্ৰ সন্থাৰ নাম লৈ যিসকলে অনৈতিক কাৰ্য কৰি আছে তেওঁলোককো সতৰ্ক কৰি দিয়ে সংগঠনটোৱে। আনহাতে, এটা সময়ত চেনিৰাম মালাং নামৰ নেতাজনৰ সহচৰ হিচাপে থকা অনুপ পাতৰ গ্ৰেপ্তাৰ হোৱাৰ পিছত চেনিৰাম মালাঙৰ বিৰুদ্ধেও তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংগঠনটোৱে কয় যে চেনিৰাম মালাং তিৱা ছাত্ৰ সন্থাৰ কোনো গোটৰ সদস্য নহয়। মাত্ৰ কেইজনমান যুৱকক লৈ চেনিৰাম মালাঙে নিজেই সংগঠন চলাই থকা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সদৌ তিৱা ছাত্ৰ সন্থাৰ নেতৃত্বই।
প্ৰেৰক প্ৰাঞ্জল দাস