মহিলা টি-২০ বিশ্বকাপ আয়োজনৰ হেতু ৰাষ্ট্রসংঘৰ কাষ চাপিব বাংলাদেশ
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৩ আগষ্টঃ বাংলাদেশে যিকোনো প্রকাৰে মহিলা টি–২০ বিশ্বকাপ আয়োজন কৰিব বিচাৰিছে৷ এই প্রতিযোগিতা অক্টোবৰ মাহত অনুষ্ঠিত হোৱাৰ কথা৷ কিন্তু বাংলাদেশত চলি থকা অশান্তিৰ বাবেই আইচিচিয়ে উক্ত স্থানৰ পৰাই বিশ্বকাপ আঁতৰোৱাৰ কথা চিন্তা কৰিছে৷ ক্রিকেটৰ সর্বোচ্চ শাসকীয় সংস্থাটোৱে বিকল্প দেশ বিচাৰিছে৷ এনে পৰিস্থিতিত বাংলাদেশে ৰাষ্ট্রসংঘৰ কাষ চাপিছে৷ বাংলাদেশত কোটা সংস্কাৰৰ দাবীত ছাত্র আন্দোলন আৰু তাৰ ফলত সৃষ্টি হোৱা হিংসা এতিয়াও বন্ধ হোৱা নাহ৷ এনে পৰিস্থিতিত ভাৰত, ইংলেণ্ড, স্কটলেণ্ড, নিউজিলেণ্ড আদি দেশে নিজৰ নাগৰিকক বাংলাদেশলৈ যোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে৷ ফলত বাংলাদেশৰ ওপৰত হেঁচা বাঢ়িছে৷ এতিয়া ৰাষ্ট্রসংঘই বাংলাদেশৰ শেষ আশা৷ অন্তর্ৱর্তীকালীন চৰকাৰী যুৱ আৰু ক্রীড়া উপদেষ্টা আছিফ মাহমুদে কয় যে তেওঁ ৰাষ্ট্রসংঘৰ বৈঠকত এই বিষয়টো উত্থাপন কৰিব৷ তেওঁ আবেদন কৰিব যে কোনো দেশেই নিজৰ নাগৰিকক বাংলাদেশলৈ যোৱাত নিষেধাজ্ঞা নকৰে৷ আছিফে কয়– ক্রিকেট ব’ৰ্ডৰ সভাপতিৰ কোনো সন্ধান নাহ৷ কিন্তু তাৰ অর্থ এইটো নহয় যে কাম বন্ধ হৈ যাব৷ বাংলাদেশ ক্রিকেট ব’ৰ্ড এটা স্বায়ত্তশাসিত সংগঠন৷ গতিকে, আমি কোনো নির্দেশনা দিব নোৱাৰোঁ৷ অনুৰোধ কৰিব পাৰিম৷ মই অনুৰোধ কৰিছো যে আইচিচিৰ নিয়মৰ ভিতৰত বিশ্বকাপৰ আয়োজন অতি সোনকালে সম্পূর্ণ হওক৷ আমি বাংলাদেশ ব’ৰ্ডত দুর্নীতি ৰোধ কৰাৰ কথাও কৈছো৷ গোটেই ব্যৱস্থাটো সলনি কৰাৰ প্রয়োজন আছে৷