নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিছামাৰীত কেইবালাখ টকাৰ অসম-অৰুণাচলী সুৰা জব্দ আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ১৯ আগষ্টঃ শোণিতপুৰৰ মিছামাৰীত কেইবালাখ টকা মূল্যৰ অসম আৰু অৰুণাচলী সুৰা জব্দ কৰে আৰক্ষীয়ে। কালি নিশা মিছামাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সীমান্ত পাঠকৰ নেতৃত্বত চলা অভিযানত অঞ্চলটোৰ পুৰণা মিছামাৰীৰ পৰা কাৰ্টুন কাৰ্টুন উদ্ধাৰ কৰে অসম আৰু অৰুণাচলী সুৰা। আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰা অবৈধ সুৰাৰ বটলসমূহ অসম আৰু চুবুৰীয়া ৰাজ্য অৰুণাচলৰ প্ৰদেশত প্ৰস্তুত বুলি আৰক্ষীৰ তথ্যত প্ৰকাশ কৰিছে। অঞ্চলটোৰ পুৰণা মিছামাৰীৰ বাসিন্দা পেমা চেৰপা নামৰ লোকজনৰ ঘৰৰ পৰা উদ্ধাৰ কৰে কেইবা কাৰ্টুন অসম আৰু অৰুণাচলী সুৰা। অবৈধভাৱে ঘৰত কাৰ্টুন কাৰ্টুন সুৰাৰ বটল ৰাখি ব্যৱসায় কৰাৰ অভিযোগত আটক কৰা হয় পেমা চেৰপা। আৰক্ষীয়ে পেমা চেৰপাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ লগতে ব্যৱসায়ীজনক জেইল হাজোতলৈ প্ৰেৰণ কৰে। সমান্তৰালকৈ মিছামাৰী ৰেলৱে ষ্টেচনৰ পৰিতক্ত্য চৰকাৰী আৱাসৰ পৰা আৰক্ষীৰ অভিযানকাৰী দলটোৱে উদ্ধাৰ কৰিলে ৰ’ম, বিয়েৰ, হুইস্কী ভৰ্ত্তি কেইবাটাও সুৰাৰ কাৰ্টুন। সমাজ ক্ষতিকাৰক কাৰ্টুন কাৰ্টুন সুৰাৰ বটল উদ্ধাৰত সফলতা লাভ কৰা অভিযানকাৰী আৰক্ষীৰ দলক প্ৰশংসা কৰিছে সচেতন মহলে।

প্ৰেৰক বগা তপ্ন

You might also like