নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : আকৌ বিভীষিকাৰ চক্রান্ত

স্বাধীনতা দিৱসৰ দিনটোত আলফাই সংস্থাপন কৰা কুৰিটাৰো অধিক স্থানৰ পৰা আৰক্ষীয়ে বোমা উদ্ধাৰ কৰিছে৷ প্রায় দুই দশকৰো অধিক উগ্রপন্থীৰ হিংসা–হত্যাৰ বিভীষিকাৰ পিছত এক দশকৰ ভিতৰত ৰাজ্যখনত এক শান্তিৰ বাতাৱৰণ সৃষ্টি হৈছে৷ এটা এটাকৈ অধিকাংশ সশস্ত্র সংগঠনে শান্তি আলোচনাৰ বাটত আগবাঢ়ি অহাৰ লগে লগে লক্ষণীয়ভাৱে হিংসাৰ পৰিসংখ্যাও আশাব্যঞ্জকভাৱে হ্রাস হৈছে৷ এনে এক শান্তিপূর্ণ অৱস্থাত স্বাধীনতা দিৱসৰ দিনটোত ৰাজ্যখনৰ ভিন্ন প্রান্তত আলফাই সংস্থাপন কৰা বোমা উদ্ধাৰৰ ঘটনাই ৰাজ্যখনৰ আইন–শৃংখলা পৰিস্থিতিৰ প্রতি ভাবুকিৰ সৃষ্টি কৰিছে৷ লক্ষণীয় এয়ে যে আলফাই স্বাধীনতা দিৱসৰ পূর্বে সংস্থাপন কৰা বোমাসমূহৰ কোনো উম লাভ কৰা নাছিল আৰক্ষীয়ে৷ সংস্থাপিত বোমাসমূহ বিস্ফোৰণ কৰাৰ বিপৰীতে আলফাই বিবৃতিযোগে স্থানসমূহ স্পষ্ট কৰি দিয়াৰ পিছতহে আৰক্ষীয়ে নির্ধাৰিত স্থানসমূহত পৰীক্ষা কৰি বোমা আৰু বিস্ফোৰক সামগ্রীৰ টোপোলা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ ৰাজ্যখনৰ চৌদিশে আলফাই কিদৰে বোমাসমূহ সংস্থাপিত কৰিলে তাক লৈও প্রশ্ন উত্থাপন হোৱাটো তেনেই স্বাভাৱিক৷ যদিহে সংস্থাপিত বোমাসমূহৰ ৫০ শতাংশও বিস্ফোৰণ হ’লহেঁতেন তেন্তে ৰাজ্যখনত কি পৰিস্থিতিৰ উদ্ভৱ হ’লহেঁতেন সেয়া সহজেই অনুমেয়৷ কিয়নো আলফাকে ধৰি উগ্রপন্থী সংগঠনসমূহৰ বিভীষিকাময় পৰিস্থিতিৰ কথা এতিয়াও অসমবাসীয়ে পাহৰি যোৱা নাই৷ ২০০৪ চনৰ স্বাধীনতা দিৱসৰ কার্যসূচী চলি থকাৰ সময়তে ধেমাজিত আলফাই সংঘটিত কৰা ভয়াৱহ বিস্ফোৰণত নিহত হৈছিল ১৮জন লোক আৰু আহত হৈছিল ৫০জনৰো অধিক লোক৷ নিহতসকলৰ অধিকাংশই আছিল কণ কণ শিশু৷ এইবাৰ স্বাধীনতা দিৱসত সংস্থাপন কৰা বোমাসমূহ বিস্ফোৰণ ঘটোৱাৰ লক্ষ্য যে আলফাৰ নাছিল সেয়া স্পষ্ট৷ কিন্তু এনে ভয়াৱহ পৰিকল্পনাৰ অন্তৰালত যে অসমত আকৌ বিভীষিকাৰ সৃষ্টিৰ চক্রান্ত নিহিত হৈ আছে সেয়া স্পষ্ট হৈছে৷ বিগত সময়ছোৱাত আলফাৰ অধিকাংশ শীর্ষ নেতাই পৰেশ বৰুৱাৰ সংগ ত্যাগ কৰি আলোচনাৰ বাবে আগবাঢ়ি আহিছে৷ পূর্বৰ তুলনাত সংগঠনটোৰ ভেটিও বহু পৰিমাণে দুর্বল হৈছে৷ সংগঠনটোৰ নেতা–কর্মীসকলক গোপনে সমর্থন দিয়া লোকৰ সংখ্যাও হ্রাস হৈছে৷ এনে পৰিস্থিতিত সংগঠনটোৰ ধন সংগ্রহত বাধাগ্রস্ত হৈছে৷ ক্রমে দুর্বল হৈ পৰা নিষিদ্ধ সংগঠনটোৰ অস্তিত্ব জাহিৰ কৰাৰ বাবেই এনেধৰণৰ বিভীষিকা সৃষ্টিৰ কৌশল গ্রহণ কৰা হৈছে৷ ইয়াৰ লগে লগে সংগঠনটোৱে ধন দাবীৰ অভিযান চলিছে৷ শেহতীয়াকৈ ৰাজ্যখনত আলফাৰ নামত ধন দাবীৰ ঘটনা পুনৰ বৃদ্ধি হৈছে৷ আলফাৰ এনে অভিযানৰ সুযোগ লৈ অন্য কেতবোৰ চক্রই ধন দাবী কৰা বুলিও অভিযোগ আছে৷ কিন্তু আলফাৰ এনে বিভীষিকা চলি থাকিলে সমান্তৰালভাৱে ধন দাবীৰ বিভীষিকাই ৰাজ্যখনৰ আইন–শৃংখলা পৰিস্থিতিৰ অৱনতি ঘটোৱাৰ আশংকা আছে৷
অসমত সশস্ত্র সংগ্রামৰ নামত আলফা, এনডিএফবিকে ধৰি অন্যান্য উগ্রপন্থী সংগঠনে চলোৱা হিংসা, হত্যা, অপহৰণ, লুণ্ঠন আদিৰ বিভীষিকাময় পৰিস্থিতিৰ বাবেই ১৯৯০ৰ ২৮ ফেব্রুৱাৰীত ৰাজ্যখনত ৰাষ্ট্রপতি শাসন বলৱৎ কৰি সেনাৰ অধীনত অভিযান আৰম্ভ হৈছিল৷ সেনাকে ধৰি নিৰাপত্তা বাহিনী আৰু উগ্রপন্থী সংগঠনসমূহৰ মাজত চলা দুই দশকৰো অধিক ৰাজ্যখনত চলা অভিযানত সর্বাধিক ক্ষতিগ্রস্ত হৈছিল নিৰীহ লোকসকল৷ এই সময়ছোৱাত ৰাজ্যখনৰ অর্থনীতি ভাঙি পৰাই নহয়, সর্বসাধাৰণ লোকৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাও বিপদাপন্ন হৈছিল৷ সামৰিক অভিযানৰ বাবে আলফা আৰু এনডিএফবিৰ শীর্ষ নেতাসকলে চুবুৰীয়া ভূটান আৰু বাংলাদেশত ঘাটি স্থাপন কৰিছিল যদিও সেয়াও উৎখাত হৈছিল৷ আলফা, এনডিএফবিকে ধৰি ৰাজ্যখনত উগ্রপন্থী সংগঠনসমূহে আলোচনাৰ বাবে আগবাঢ়ি অহাৰ লগে লগে বিগত ডেৰ দশকত ৰাজ্যখনৰ আইন–শৃংখলা পৰিস্থিতি বহু পৰিমাণে উন্নত হৈছে৷ ২০০০ বর্ষত ৰাজ্যখনত নিৰাপত্তা বাহিনী আৰু আলফাৰ মাজত ২২৪টা বৃহৎ আক্রমণৰ ঘটনা সংঘটিত হৈছিল৷ এই ঘটনাত ২৬৭জন সাধাৰণ নাগৰিক, ৩৭জন নিৰাপত্তা বাহিনীৰ লোক আৰু ২২৩জন উগ্রপন্থী নিহত হৈছিল৷ একেদৰে ২০০১ চনত উগ্রপন্থীজনিত হিংসা–হত্যাত নিহত হৈছিল ৫৬৫জন লোক৷ ২০১০ চনৰ পৰা ৰাজ্যখনত উগ্রপন্থীজনিত হিংসা–হত্যাৰ ঘটনা হ্রাস হয়৷ ২০১৯ চনৰ পৰা উগ্রপন্থীৰ আক্রমণত এজনো নিৰাপত্তা বাহিনীৰ লোক নিহত হোৱা নাই৷ একেদৰে সাধাৰণ লোক নিহত হোৱাৰ ঘটনাও হ্রাস হৈছে৷ এই ধাৰা অব্যাহত থকাৰ ফলত ৰাজ্যখনত শান্তিৰ বাতাৱৰণ সৃষ্টি হৈছে৷ এনে পৰিস্থিতিৰ বাবেই তিনি দশকৰো অধিক ৰাজ্যখনত বলৱৎ থকা সশস্ত্র বাহিনীৰ বিশেষ ক্ষমতা আইনৰ পৰা ২০২৩ৰ ১ অক্টোবৰৰ পৰা ৰাজ্যখনৰ অধিকাংশ জিলাক ৰেহাই দিয়া হৈছে৷ তিনিচুকীয়া, ডিব্রুগড়, শিৱসাগৰ আৰু চৰাইদেউ জিলাতহে সশস্ত্র বাহিনীৰ বিশেষ ক্ষমতা আইনখন বাহাল আছে৷ আইন–শৃংখলা পৰিস্থিতি উন্নত হোৱাৰ লগে লগে ৰাজ্যখনৰ স্থবিৰ উন্নয়নে গতি লাভ কৰিছে৷ জাগীৰোডত টাটা উদ্যোগ গোষ্ঠীয়ে ২৭ হাজাৰ কোটি টকা বিনিয়োগেৰে ছেমিকণ্ডাক্টৰ উদ্যোগ স্থাপন কৰি আছে৷ ৰাজ্যখনৰ ৰাস্তা–ঘাট, দলং আদিৰ অভূতপূর্ব পৰিৱর্তন হৈছে৷ এনে পৰিস্থিতিত অস্তিত্ব জাহিৰ কৰাৰ নামত আলফাই যি বিভীষিকাৰ চক্রান্ত চলাইছে সেয়া প্রতিহত কৰিবই লাগিব৷ ৰাজ্যখনৰ উগ্রপন্থীৰ বিভীষিকাৰ সন্মুখীন নোহোৱা দল–সংগঠন তেনেই কম৷ লক্ষণীয় এয়ে যে আলফাৰ এনে বিভীষিকাময় বোমা সংস্থাপনৰ দৰে কূটাঘাতমূলক ঘটনাক ৰাজ্যখনৰ দল–সংগঠনসমূহে গৰিহণা দিয়াটো দূৰৰ কথা, সম্পূর্ণ নীৰৱতা অৱলম্বন কৰিছে৷ সন্ত্রাসবাদৰ বিভীষিকাই কাকো ৰেহাই নিদিয়ে৷ এনে বিভীষিকাৰ বিৰুদ্ধে ৰাজনীতিৰ ঊর্ধ্বত গৈ দল–সংগঠনসমূহে স্থিতি গ্রহণ কৰিব লাগিব৷ অন্যথা অসমৰ পৰিস্থিতি আকৌ অৱনতি ঘটিবলৈ বেছি সময় নালাগিব৷ বোমা নিক্ষেপৰ জৰিয়তে অস্তিত্ব জাহিৰ কৰিবলৈ বিচৰা আলফা স্বাধীনৰ স’তেও আলোচনাৰ বাবে চৰকাৰে পদক্ষেপ গ্রহণ কৰা উচিত৷ এইক্ষেত্রত উভয় পক্ষই এৰা–ধৰা কৰিবই লাগিব৷ বাস্তৱ পৰিস্থিতি উপলব্ধি কৰি এইক্ষেত্রত আলফা স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱায়ো ইতিবাচক পদক্ষেপ গ্রহণ কৰা উচিত৷

You might also like