নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত আলফা (স্বাঃ) ৰ প্রভাৱ আছে : ড০ হিমন্ত বিশ্ব শর্মা

নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ আগষ্টঃ আলফা (স্বাঃ)ৰ প্রভাৱ অসমত আছে৷ ম্যানমাৰৰ শিবিৰত এতিয়াও ৪০০ ল’ৰা আছে৷ আলফা (স্বাঃ) ৰ প্রভাৱ অসমত নাই বুলি আমি কেতিয়াও কোৱা নাই৷ ভাৰতৰ গৃহমন্ত্রীয়েও কোৱা নাই আৰু অসমৰ মুখ্যমন্ত্রীয়েও কোৱা নাই৷ অসমত ১৯৯০, ১৯৯৬তকৈ আলফা (স্বাঃ)ৰ প্রভাৱ কমিছে৷ কিন্তু নোহোৱা শব্দটো আমি কেতিয়াও কোৱা নাই৷ এই মন্তব্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ গুৱাহাটীত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই এইদৰে মন্তব্য কৰি কয় যে আলফা (স্বাঃ)ৰ প্রভাৱ আছে বাবেই আমি পৰেশ বৰুৱাক আলোচনাত মাতি থাকো৷ অসমত আলফাৰ প্রভাৱ থকাটো সত্য৷ কেৱল আগতকৈ প্রভাৱ কমিছে৷ আলোচনাৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে আলোচনাৰ প্রক্রিয়া চলি আছে৷ পৰেশ বৰুৱাৰ সৈতে সময়ে সময়ে কথা বতৰা পাতি থকাৰ উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে সদ্যসমাপ্ত লোকসভা নির্বাচনৰ পাছত তেওঁৰ পৰেশ বৰুৱাৰে কথাবতাৰ হোৱা নাই৷ কিন্তু লোকসভা নির্বাচনৰ আগত প্রতি ১০ দিন, ১৫ দিন, এমাহৰ মূৰে মূৰে পৰেশ বৰুৱাৰে কথাবতৰা হৈ আছে৷ বৰুৱাই যেতিয়াই ফোন কৰে তেতিয়াই কথাবতৰা হয়৷ আলোচনাৰ ক্ষেত্রত পৰেশ বৰুৱাৰ স্থিতিৰ প্রসংগত সাংবাদিকৰ প্রশ্নৰ উত্তৰত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে তেওঁ আলোচনাত সার্বভৌমত্ব বিচাৰে৷ কিন্তু সার্বভৌমত্বৰ ওপৰত আলোচনা হ’ব নোৱাৰে৷ আলোচনাত বাধা আছে৷ কিন্তু কথা বতৰা পাতি থাকিলে শিলটো কেতিয়াবা পানী ওলায়৷ সেয়ে কথা বতৰা পাতি থকাত একো আপত্তি নাই৷ কেতিয়াবা শিলটো পানী ওলাব৷ আলোচনা কেতিয়াকৈ হ’ব, সেই বিষয়ে পৰেশ বৰুৱাই জানিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এই মুহূর্তত আলোচনা হ’ব বুলি ক’লে মই সকলো কাম বাদ দি আলোচনাত গুছি যাম৷ আলোচনা কেতিয়া হ’ব, সেই সিদ্ধান্ত আলফাই ল’ব লাগিব৷ আনহাতে এইবাৰ স্বাধীনতা দিৱসৰ দিনটোত আলফা (স্বাঃ)ই বিভিন্ন স্থানত বোমা দিয়াৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে আলফা (স্বাঃ)ই বোমা দিছিল যদিও বোমা ফুটা নাই৷ দুটা গোচৰ এনআইএক দিয়া হ’ব বাকীবোৰ ৰাজ্য চৰকাৰে চাব৷ আৰক্ষীয়ে কিবাকিবি কৰিছে বাবেই এটাও বোমা বিস্ফোৰণ নহ’ল বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে যিদিনালৈ আলফা (স্বাঃ) লগত আলোচনা নহয় সেইদিনালৈ অসমত এনে উদ্বিগ্নতা থাকিব, তাৰ বিকল্প নাই৷

You might also like