নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৬ বছৰৰ পাছত আকৌ ৬ দিনীয়া টেষ্ট মেচ : কিয় এই সিদ্ধান্ত

নিউজ ডেস্ক, ২৪ আগষ্ট : সুদীর্ঘ ১৬ বছৰৰ পিছত পুনৰ ৬ দিনীয়া টেষ্ট মেচ৷ অহা ছেপ্টেম্বৰ মাহত শ্রীলংকা আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব দুখনীয়া টেষ্ট মেচৰ শৃংখলা৷ শ্রীলংকাৰ ক্রিকেট ব’র্ডে এই কথা সদৰী কৰিছে৷ শৃংখলাটোৰ প্রথমখন টেষ্ট ছয়দিন ধৰি চলিব৷ ক্রিকেটৰ ইতিহাসত এনে ঘটনা নতুন নহ’লেও সাম্প্রতিক সময়ত এই ঘটনা বিৰল৷ এটা সময়ত টেষ্ট ক্রিকেট ছয় দিন চলিছিল৷ পাঁচ দিন খেল খেলিছিল৷ এদিন জিৰণিৰ বাবে আছিল৷ শ্রীলংকা–নিউজিলেণ্ডৰ প্রথমখন টেষ্টত এনেকুৱা হ’ব৷ ১৮ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব প্রথম টেষ্ট৷ টেষ্টখনৰ প্রথম তিনি দিন খেলৰ অন্তত ২১ ছেপ্টেম্বৰৰ দিনটো হ’ব জিৰণি৷ সেইদিনা শ্রীলংকাত ৰাষ্ট্রপতি নির্বাচন৷ সেইবাবেই ২১ ছেপ্টেম্বৰত খেল অনুষ্ঠিত নহ’ব৷ শ্রীলংকাই শেষবাৰৰ বাবে ২০০১ চনত ছদিনীয়া টেষ্ট খেলিছিল৷ সেইবাৰ জিম্বাব’ৱে বনাম শ্রীলংকাৰ টেষ্টখন ছয় দিন ধৰি চলিছিল৷ শ্রীলংকাত প’য়া উৎসৱ আছিল৷ সেইবাবেই টেষ্টখনৰ মাজত এদিন জিৰণি দিয়া হৈছিল৷ এটা সময়ত ৬ দিনীয়া টেষ্ট অতি সাধাৰণ আছিল৷ বিশেষকৈ ইংলেণ্ডত৷ দেওবাৰৰ খেল নাছিল৷ জিৰণি দিয়া হয়৷ ছয়দিনীয়া টেষ্ট শেষবাৰৰ বাবে ২০০৮ চনত দেখা গৈছিল৷ সেই মেচখনত অংশ লৈছিল শ্রীলংকাই৷ সেই বছৰৰ ২৯ ডিচেম্বৰত ঢাকাত বাংলাদেশ বনাম শ্রীলংকাৰ মাজৰ টেষ্টখনত জিৰণি লোৱা হৈছিল৷ উক্ত দিনটোত বাংলাদেশত সংসদীয় নির্বাচন হৈছিল৷ সেইবাবেই সেইদিনা খেল নহ’ল৷ শ্রীলংকা আৰু নিউজিলেণ্ডৰ মাজৰ দ্বিতীয়খন টেষ্ট ২৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব৷ অৱশ্যে ক্রিকেট অনুৰাগীৰ উৎসাহ প্রথম টেষ্টখনক লৈ৷ কাৰণ বহু দিনৰ পাছত ৬ দিনৰ টেষ্ট হ’বলৈ গৈ আছে৷

You might also like