🔹 জামাল খান-শেখ আব্দুল্লা-নুৰ আলমক আটক
🔹 স্থানীয় লোকৰ দাবী- এয়া লাভ জেহাদৰ ঘটনা
নিয়মীয়া বাৰ্তা, ২৪ আগষ্ট : গোসাঁইগাঁও মহকুমাৰ তুলসীবিল আৰক্ষী চকীত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। দুগৰাকী কিশোৰীক ফুচুলাই নিয়াৰ ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে। তুলসীবিল আৰক্ষী চকীৰ দুগৰাকী কিশোৰীক চৌতাৰা গাঁৱৰ ৮ জনীয়া যুৱকৰ দলে নিশা উঠাই লৈ যায়। কিশোৰী দুগৰাকী ঘৰত নথকা বুলি নিশ্চিত হৈ আৰক্ষীক অৱগত কৰে। আৰক্ষীয়ে নিশা বিচাৰে যদিও উদ্ধাৰ কৰিব পৰা নাছিল। আজি পুৱা কিশোৰী দুগৰাকী তুলসীবিলৰ পৰা প্ৰায় ১০-১২ কিলোমিটাৰ দূৰত উদ্ধাৰ হয়। পিছত ৰাইজে আৰক্ষীক অৱগত কৰাত কিশোৰী দুগৰাকীক উদ্ধাৰ কৰে। ইয়াৰে এগৰাকী অসুস্থ আৰু আনগৰাকীক সোধা-পোছা কৰি আছে। উক্ত ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে ৩জন যুৱকক আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে। আটকাধীন যুৱককেইজন জামাল খান (২১), শেখ আব্দুল্লা (২১) আৰু নুৰ আলম (২৫) । স্থানীয় লোকে এয়া লাভ জেহাদৰ ঘটনা বুলি দাবী কৰিছে। উল্লেখ্য যে এটা চক্ৰই দীৰ্ঘদিন ধৰি কৌশলেৰে জাল পাতি তেনেকৈ কিশোৰীক নি ধৰ্ষণ, অপহৰণ, হত্যাকাণ্ড আদি সংঘটিত কৰি আহিছে। ইয়াৰ উপযুক্ত তদন্ত কৰিব লাগে বুলি ৰাইজে দাবী জনাইছে।
প্ৰেৰক ৰুবুল পাঠক