🔹 অভিযুক্ত জহিৰুদ্দিনক গ্ৰেপ্তাৰৰ দাবীত চিদলী থানা ঘেৰাও
নিয়মীয়া বাৰ্তা, ২৬ আগষ্ট : কোচ ৰাজবংশী সম্প্ৰদায়ৰ নাবালিকাক যৌন নিৰ্যাতন চলাই আত্মগোপন কৰা অভিযুক্ত জহিৰুদ্দিন দেৱানক আটক কৰাৰ দাবীত আজি কেইবাশ মহিলাৰ লগতে স্থানীয় ৰাইজ তথা দল-সংগঠনে চিৰাঙৰ চিদলী থানা ঘেৰাও কৰে। উল্লেখ্য যে ২০ আগষ্টত চিদলী থানাৰ অন্তৰ্গত মোজাবাৰী গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ সভাপতি জহিৰুদ্দিন দেৱান নামৰ পাষণ্ডই বহিঃৰাজ্যত কৰ্মসংস্থাপন দিয়াৰ নামত দুগৰাকীকৈ কোচ ৰাজবংশী সম্প্ৰদায়ৰ নাবালিকাক ফুচুলাই নি যৌন নিৰ্যাতন চলাইছিল। নাবালিকাক যৌন নিৰ্যাতনৰ ঘটনা পোহৰলৈ অহাৰ পিছতেই কোচ ৰাজবংশী দল-সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আৰু অপৰাধীক আটক কৰি দৃষ্টান্তমূলক শাস্তি বিহিবলৈ পুলিচ প্ৰশাসনক ২৪ ঘন্টাৰ সময়সীমা বান্ধি দিছিল। নিৰ্ধাৰিত ২৪ ঘন্টা উকলি যোৱাৰ পিছতো পুলিচ প্ৰশাসনে জহিৰুদ্দিনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নোহোৱাত আজি দুপৰীয়া চিদলী থানাৰ সন্মুখত অঞ্চলটোৰ কেইবাশ মহিলাৰ লগতে স্থানীয় ৰাইজে থানা ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী মহিলা আৰু ৰাইজে বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে। প্ৰতিবাদী জনতাই আৰক্ষী প্ৰশাসনক অতিৰিক্ত ২৪ ঘন্টাৰ সময়সীমা বান্ধি দি অভিযুক্তক যিকোনো পৰিস্থিতিত আটক কৰিবলৈ দাবী জনায়। অন্যথা চিৰাং জিলা বন্ধৰ আহ্বান জনাব বুলি প্ৰতিবাদী জনতাই একপ্ৰকাৰ হুংকাৰ দিয়ে। অৱশেষত চিৰাং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ মধ্যস্থতাত প্ৰতিবাদী মহিলা তথা স্থানীয় ৰাইজে থানা ঘেৰাও কাৰ্যসূচী প্ৰত্যাহাৰ কৰে। আজিৰ প্ৰতিবাদী কাৰ্যসূচীত বিটিআৰ আক্ৰাছু, জনকল্যাণ মহিলা সমিতিৰ লগতে একাধিক কোচ ৰাজবংশী জাতীয় সংগঠনৰ বিষয়ববীয়া আৰু সদস্যসকলে সহযোগ কৰে।
প্ৰেৰক বিপুল কুমাৰ দাস