নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰাইদেউত নিষিদ্ধ মাৰোৱাৰী-বেংগলী-ভোজপুৰী সংগঠন

বিশেষ বাৰ্তা, ২৮ আগষ্ট : ক্রমাত উজনি-নামনি তথা অনা-অসমীয়া প্রসংগক লৈ উত্তপ্ত হৈ পৰিছে চৰাইদেউ। খিলঞ্জীয়া থলগিৰী অসমীয়া সুৰক্ষাৰ স্বাৰ্থত কালি চৰাইদেউত একত্রিত হ’ল বাৰ জাতীয়-জনগোষ্ঠীয় সংগঠন। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ কাৰ্যালয়ত বাৰ সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত এখন বিশেষ বৈঠক অনুষ্ঠিত কৰাৰ পিছতে গঠন কৰা হ’ল চৰাইদেউ ঐক্যমঞ্চৰ। বৈঠকৰ সিদ্ধান্ত অনুসৰি চৰাইদেউত বেংগলী ফেডাৰেশ্যন, মাৰোৱাৰী যুৱ মঞ্চ, ভোজপুৰী ছাত্ৰ সন্থাকে আদি কৰি অনা-অসমীয়া সংগঠনসমূহ নিষিদ্ধ কৰা হৈছে। অনুৰূপ ধৰণে চৰকাৰী তথা বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানত অসমীয়া ভাষাৰ হৰ্ডিং আঁৰিবলৈ সকলো পক্ষলৈ আহ্বান জনাইছে ঐক্যমঞ্চই। খিলঞ্জীয়া অসমীয়াই কোনো কাৰণে অনা-অসমীয়াক মাটি বিক্ৰী কৰিব নোৱাৰে তাৰ পদক্ষেপো আয়োজিত বৈঠকখনতে সিদ্ধান্ত গ্রহণ কৰা হয়। ইফালে বলবম, চট পূজাৰ নামত বিশৃংখল পৰিবেশ সৃষ্টি কৰিব দিয়া নহ’ব বুলিও হুংকাৰ দিয়ে চৰাইদেউ ঐক্যমঞ্চৰ।

প্ৰেৰক দীপাংকৰ পাল

You might also like