নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাতৰি প্ৰকাশ কৰি ব্ৰইলাৰ ছিণ্ডিকেট বাহিনীৰ ৰোষৰ বলি সাংবাদিক

নিয়মীয়া বাৰ্তা, ২৯ আগষ্টঃ ধুবুৰীত পুনৰ সাংবাদিক নিগ্ৰহৰ ঘটনা। অসমৰ এটি চেটেলাইট চেনেলত ব্ৰইলাৰ চিণ্ডিকেটৰ বাতৰি পৰিবেশন কৰি ধুবুৰীৰ দুগৰাকাকৈ যুৱ সাংবাদিক চিণ্ডিকেট বাহিনীৰ ৰোষৰ বলা হ’বলগীয়া হোৱাৰ অভিযোগ উঠিছে। ঘটনা সন্দৰ্ভত আজি ভুক্তভোগী ছেলিম সেখ নামৰ সাংবাদিকগৰাকীয় ধুবুৰী সদৰ থানাত এখন এজাহাৰো দাখিল কৰিছে। এজাহাৰ অনুসৰি কালি নিশা ৯টা মান বজাত ধুবুৰী সদৰ থানাৰ সন্মুখৰ পৰা জনৈক বিকি আৰু দিপু সেখ নামৰ দুজন লোকে শাহিল সেখ নামৰ এজন সাংবাদিককে ধৰি তেওঁলোক দুয়োকে বলপূৰ্বক ভাবে চহৰখনৰ নিউ মাৰ্কেট অঞ্চললৈ লৈ গৈ নিৰ্মমভাবে মাৰপিট কৰে। আনকি এজাহাৰখনত দুয়োকে আবদ্ধ কৰি থকা অৱস্থাত আৰক্ষীৰ এটি দল আহি উদ্ধাৰ কৰা বুলিও স্পষ্ট ভাবে উল্লেখ কৰিছে ছেলিম সেখে। ইপিনে ঘটনা সন্দৰ্ভত সদৌ অসম সাংবাদিক মঞ্চৰ কেন্দ্রীয় কমিটিয়ে আজি ধুবুৰী জিলা আৰক্ষী অধীক্ষকৰ ওচৰত এখন স্মাৰক পত্ৰ প্ৰদান কৰি দোষী সকলক ২৪ ঘন্টাৰ ভিতৰত কৰায়ত্ত কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহাৰ দাবী জনাইছে। যোৱানিশা ধুবুৰীত সংঘটিত হোৱা সেই সাংবাদিক নিগ্ৰহৰ ঘটনাৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দেশী জনগোষ্ঠীয় যুৱ মঞ্চৰ লগতে ঘটনা সন্দৰ্ভত সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ ধুবুৰী জিলা সমিতিৰ সভাপতি আফজালুৰ ৰহমানেও। উল্লেখ্য যে বিগত সময়ত বাতৰি সংক্ৰান্তীয় বিষয় লৈ ধুবুৰীৰ কেইগৰাকীমান জ্যেষ্ঠ সাংবাদিকো নিগৃহীত হ’বলগীয়া হৈছে যদিও সেই ঘটনাবোৰৰ সৈতে জড়িত থকাৰ অভিযোগ উঠা এগৰাকীকো কৰায়ত্ত কৰা হোৱা দেখা যোৱা নাছিল।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like