নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বুঢ়াচাপৰি অভয়াৰণ্যত চোৰাং মাছমৰীয়াক আটক

নিয়মীয়া বাৰ্তা, ২৯ আগষ্ট : বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত চোৰাং মাছমৰীয়াৰ বিৰুদ্ধে বন বিভাগৰ অভিযান৷ বন বিভাগৰ অভিযানত আটক এটা চোৰাং মাছমৰীয়া৷ অভয়াৰণ্যৰ ভিতৰত থকা চেনিমাৰী বিলত মাছমাৰী থকা অৱস্থাত চোৰাং মাছমৰীয়াটোক আটক কৰে বন বিভাগে৷ নিশা আন্ধাৰৰ সুযোগ লৈ অভয়াৰণ্যৰ ভিতৰত প্ৰৱেশ কৰিছিল চোৰাং মাছমৰীয়াটো৷ আটকাধীন চোৰাং মাছমৰীয়াটোৰ ঘৰ ৭নং বগামুখ গাঁৱৰ আলাল উদ্দিন বুলি জানিব পৰা গৈছে৷ মাছমৰীটোৰ পৰা বন বিভাগে মাছ মৰাৰ জাল আৰু মাছ মৰাৰ সামগ্ৰী জব্দ কৰে ৷

প্ৰেৰক জহিৰুল ইছলাম

You might also like