নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাৰ হার্হি মহাবিদ্যালয়ৰ নৱাগত আদৰণী সভা সম্পন্ন

নিয়মীয়া বার্তা, ২৯ আগষ্ট : ঢকুৱাখনা মহকুমাৰ উচ্চ শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান হার্হি মহাবিদ্যালয়ৰ ২৩সংখ্যক নৱাগত আদৰণী সভাখন আজি ছাত্র একতা সভাৰ উদ্যোগত অনুস্থিত হয়। পুৱা ছাত্ৰ একতা সভাৰ পতাকা উত্তোলন কৰে হার্হি মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক অৰূপজ্যোতি দাসে। শ্বহীদ বেদীত বন্তি প্ৰজ্বলন মুকলি কৰে ছাত্র একতা সভাৰ সভাপতি বিশ্বজিত দাসে। ইয়াৰ পিছতে গছপুলি ৰোপণ কৰে মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড° দীপ দত্তই। মহাবিদ্যালয়ৰ নৱনিৰ্মিত প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় মুকলি সভা। হাৰ্হি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশিত এটি সমবেত সংগীতেৰে মঞ্চ মুকলি হোৱা সভাখনি উদ্বোধন কৰে অসম বিজ্ঞান সমিতিৰ উপ-সভাপতি তথা ঢকুৱাখনা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক ড° অমলচন্দ্ৰ দত্তই। মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মানসজ্যোতি নেওগৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাৰ উদ্দেশ্য ব্যাখ্যা আৰু আদৰণী ভাষণ পাঠ কৰে ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক অৰূপজ্যোতি দাসে। এই সভাত নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থাকে বিহপুৰীয়া মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড° চিত্ৰলেখা ফুকন।নিৰ্দিষ্ট বক্তাৰ ভাষণত ড০ ফুকনে ছাত্ৰ-ছাত্ৰীসকলক অধ্যয়নৰ লগতে বৌদ্ধিক আৰু মানসিক উৎকৰ্ষ সাধনৰ বাবে আহ্বান জনায়। তেওঁ কয় যে আজিৰ প্ৰতিযোগিতাৰ ডিজিটেল ক্ষেত্ৰত খনত আগবাঢ়ি যাবলৈ হ’লে অধ্যয়নৰ উপৰি আনুসংগিক বিষয়ত জ্ঞান অৰ্জন কৰিব লাগিব।পুথিগত শিক্ষাৰ ওপৰতেই ভৰষা নকৰি দক্ষতা বিকাশৰ শিক্ষাৰ ওপৰতো গুৰুত্ব দিব লাগিব। ছাত্ৰ-ছাত্ৰীসকলক দৃঢ়তা, একাগ্ৰতাৰ লগে লগে নিয়মানুৱৰ্তিতাৰ সমানে সমানে সময়ৰ জ্ঞানকো গুৰুত্ব দিবলৈ আহ্বান জনায়।মহাবিদ্যালয়ৰ ন-পুৰণি ছাত্ৰ-ছাত্ৰীৰ নৃত্য-গীতৰে জীপাল হৈ পৰা মুকলি সভাত ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি সাৰগৰ্ভ ভাষণ প্ৰদান কৰে ঢকুৱাখনা উপ-জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত কার্তিক কলিতা আৰু মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ড০ জীতেন দত্তই। ইয়াৰ পূর্বে মহাবিদ্যালয়ৰ ন-পুৰণি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এক আকৰ্ষণীয় অন্তৰংগ আলাপ অনুষ্ঠিত হয়। অনুষ্ঠানটো ন-পুৰণি ছাত্ৰ-ছাত্ৰীসকলে নৃত্য গীতৰে মুখৰিত কৰি তোলে। অনুষ্ঠানত প্ৰতিভাৰ আকৰ ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ নিজ নিজ প্ৰতিভা প্ৰদৰ্শন কৰে। বিয়লিলৈ আয়োজিত সাংস্কৃতিক অনুস্থানত ছাত্র -ছাত্রীৰ লগতে কণ্ঠশিল্পী অক্ষয়প্ৰীত গগৈৰ সাৱলীল সংগীত পৰিৱেশন কৰি ছাত্ৰ-ছাত্ৰী, শিক্ষক-কৰ্মচাৰী তথা দৰ্শকক আপ্লুত কৰি তোলে।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like