নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুৱালকুছিত খোৱা পানী যোগানত চূড়ান্ত ব্যৰ্থ জনস্বাস্থ্য কাৰিকৰী বিভাগ

বিশেষ বাৰ্তা, ৩০ আগষ্টঃ শুৱালকুছিস্থ এছিয়াৰ সৰ্ববৃহৎ গ্ৰাম্য পানী যোগান আঁচনিয়ে এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে যন্ত্ৰণা দি আহিছে ৷ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৰ ঘৰ হৰ নল শ্লোগান যেন জালুকবাৰী সমষ্টিৰ শুৱালকুছিত অসাৰ প্ৰতিপন্ন হৈছে৷ শুৱালকুছিৰ পূৱ প্ৰান্তত অৱস্থিত বৰলাহ গোটবদ্ধ পানী যোগান আঁচনিৰ পৰা বৃহত্তৰ শুৱালকুছি অঞ্চলত ঘৰুৱা পানী সংযোগ দিছে৷ যোৱা কিছু দিন ধৰি পানী যোগান অনিয়মীয়া হোৱাত ৰাইজৰ হাহাঁকাৰৰ অৱস্থা হৈছে৷ প্ৰতিদিনে পুৱা আৰু আবলি দুবাৰকৈ গ্ৰাহক ৰাইজক আচনিখনৰ পৰা পানী যোগান দি ৰাইজৰ চাহিদা পূৰণ কৰা হৈছিল যদিও আজি কিছুদিন ধৰি বিভিন্ন অজুহাত দেখুৱাই এবেলাকৈ অতি কম পৰিমাণৰ পানী যোগান ধৰাত গ্ৰাহক ৰাইজ খোৱা পানীটুপিৰ বাবে ভীষণ সমস্যাত পৰিছে৷ এবেলাকৈ দিয়াৰ মাজতে সময়ে সময়ে দুৰ্গন্ধ আৰু মলিয়ন পানী তদুপৰি কেতিয়াবা মাত্ৰাধিক পৰিমানৰ ব্লিচিং পাউদাৰ মিহলি কৰি খোৱাৰ অনুপযোগী পানী যোগান ধৰা কাৰ্যই ৰাইজক হতচকিত কৰি তুলিছে ৷ অসম চৰকাৰৰ প্ৰয়াত গৃহমন্ত্ৰী ভৃগু কুমাৰ ফুকনৰ কাৰ্যকালত অসমৰ কেন্দ্ৰীয় মন্ত্ৰী প্ৰয়াত দীনেশ গোস্বামীয়ে উদ্বোধন কৰা গ্ৰাম্য পানী যোগান আঁচনিখনে পূৰ্বৰ সকলো গৰিমা অক্ষুণ্ণ ৰখাত চূড়ান্তভাৱে ব্যৰ্থতা প্ৰকাশ কৰিছে ৷ মন কৰিব লগা যে খোৱা পানীৰ পৰাই আশী শতাংশ ৰোগে আমাৰ দেহত ক্ৰীয়া কৰে ৷ অথচ চৰকাৰী পৃষ্ঠপোষকতাত ৰাইজে অপৰিস্কাৰ পানী সেৱন কৰিব লগা হোৱা কথাই সাধাৰণ জনতাক ব্যথিত কৰিছে ৷ অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা পৰিচালিত স্বয়ং অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰতিনিধিত্ব কৰা জালুকবাৰী সমষ্টিৰ শুৱালকুছিৰ উক্ত আঁচনিৰ পানী যোগান পৰিস্কাৰ বিশুদ্ধ আৰু নিয়মীয়াকৈ যোগান ধৰাৰ বাবে ৰাইজে দাবী উত্থাপন কৰিছে৷ অন্যথা নিয়মীয়া আৰু বিশুদ্ধ খোৱাপানী যোগানৰ দাবীত ৰাইজ ৰাজপথ ওলাবলৈ বাধ্য হব বুলি সংশ্লিষ্টসকলক সকিয়াই দিছে ৷

প্ৰেৰক দিলীপ মেধি

You might also like