নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনিখন চিতাত পঞ্চভূতত বিলীন তিনি ছাত্ৰৰ মৃতদেহ

🔹 বাইহাটা চাৰিআলিত শোকৰ বন্যা

নিয়মীয়া বাৰ্তা, ১ ছেপ্টেম্বৰ : কমলপুৰ সমষ্টিৰ বাইহাটা চাৰিআলিৰ নিজ মদাৰতলাত আজি তিনিখনকৈ চিতাত পঞ্চভূতত বিলীন হ’ল তিনিজনকৈ ছাত্ৰৰ মৃতদেহ। কালি সন্ধিয়াৰ ভাগত সংঘটিত হৈছিল এক শোকাৱহ ঘটনা। পথাৰলৈ মাছ মাৰিবলৈ যোৱা অত্যন্ত দুখীয়া পৰিয়ালৰ ছাত্ৰ ক্ৰমে আকাশদ্বীপ, ৰাজদ্বীপ আৰু অংকুৰে পুখুৰীত পৰি যোৱাত অকালতে সাবটি লৈছিল কৰুণ মৃত্যুক। ইয়াৰে আকাশদ্বীপ আৰু ৰাজদ্বীপ আছিল সহোদৰ ভাতৃ। ইফালে, আজি মৰণোত্তৰ পৰীক্ষাৰ পাছত বিয়লি দুই মান বজাত মৃতদেহ নিজ গৃহলৈ অনাৰ লগে লগে অগণন লোকৰ মাজত উঠে ক্ৰন্দনৰ ৰোল। পুষ্পবৃষ্টিৰে সকলোৱে তিনিওজনৰ মৃতদেহত জনায় শেষ শ্ৰদ্ধাঞ্জলি। আনহাতে, আজি পুৱাৰ ভাগত এই অবাঞ্ছিত ঘটনাৰ খবৰ পাই পৰিয়ালৰ মাজত উপস্থিত হয় কমলপুৰৰ বিধায়ক দিগন্ত কলিতাৰ লগতে প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা। প্ৰতিনিধিদ্বয়ে ছাত্ৰকেইগৰাকীৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। দুয়োজন প্ৰতিনিধিক স্থানীয় ৰাইজে জেচিবিৰে পথাৰত দকৈ খাল খন্দা কাম অতি সোনকালে বন্ধ কৰাৰ দাবী জনায়।

প্ৰেৰক লক্ষী ডেকা

You might also like