নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষক দিৱস : বিধায়ক তৰংগ গগৈৰ প্ৰশংসনীয় পদক্ষেপ

🔹 নাহৰকটীয়াত ১৬৮০গৰাকী শিক্ষাগুৰুক সম্বৰ্ধনা জ্ঞাপন

বিশেষ বার্তা, ৫ ছেপ্টেম্বৰ : দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, মহান শিক্ষাবিদ তথা দাৰ্শনিক ড° সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন উপলক্ষে দেশজুৰি উদযাপন কৰা ‘শিক্ষক দিৱস’ উপলক্ষে আজি নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে গ্ৰহণ কৰে এক প্ৰশংসনীয় পদক্ষেপ। সেই অনুসৰি তৰংগ গগৈয়ে আজিৰ এই পৱিত্ৰ দিনটোত সমাজখনক জ্ঞানৰ আলোকেৰে আলোকিত কৰি আন্ধাৰৰ বাধা নেওচি জ্যোতিৰ দিশে গতি কৰোৱা নাহৰকটীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত নাহৰকটীয়া মহাবিদ্যালয় আৰু নামৰূপ মহাবিদ্যালয়, নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়, জয়পুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, নামৰূপ উচ্চতৰ মাধ্যমিক বিদ্যালয় আদিকে ধৰি শতাধিক প্ৰাথমিক আৰু হাইস্কুলৰ সৰ্বমুঠ ১৬৮০গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক সম্বৰ্ধনা পত্ৰ প্ৰদানেৰে শিক্ষক দিৱসৰ ওলগ জ্ঞাপন কৰে। এই উপলক্ষে বিধায়কগৰাকীয়ে নিজে নাহৰকটীয়া  নিউ হাইস্কুল, কলিয়াপানী উচ্চ মাধ্যমিক বিদ্যালয় আৰু দুই নং ঘূৰণীয়া প্ৰাথমিক বিদ্যালয়ত উপস্থিত হৈ নিজ হাতে শিক্ষক-শিক্ষয়িত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে তেওঁলোকক শিক্ষক দিৱসৰ ওলগ যাচি তেওঁলোকে বিগত সময়ৰ দৰেই আৰু অধিক উৎসাহেৰে শিক্ষাৰ প্ৰজ্ঞা প্ৰজ্বলিত কৰি সমাজত মানৱ সম্পদ গঢ় দিয়াত অৰিহণা যোগাই যাব বুলি আশা প্ৰকাশ কৰে।

প্ৰেৰক প্ৰাঞ্জল ভূঞা

You might also like