নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রলোভন দি অনা আনৰ টকাৰে কৰিব নোৱাৰিব ব্যৱসায়

🔹 অবৈধ অনলাইন ট্রেডিঙৰ বিৰুদ্ধে পুনৰ সৰৱ মুখ্যমন্ত্রী

বিশেষ বার্তা, ৭ ছেপ্টেম্বৰ : অনলাইন ট্ৰিডিঙক লৈ পুনৰ সৰৱ হৈ পৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ ডিব্রুগড়ত কালি মুখ্যমন্ত্রীৰ সচিবালয়ৰ শুভ উদ্বোধন কৰি বিষয়টো সন্দর্ভত সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত তেওঁ কয়– অনলাইন ট্ৰেডিং বুলি কোনো কথা নাই৷ বহুতেই কয় যে আমি ষ্টকত ব্যৱসায় কৰিম৷ ষ্টকত আপুনি ব্যৱসায় কৰক৷ কিন্তু নিজৰ টকাৰে ব্যৱসায় কৰিব লাগিব৷ বেলেগৰ টকা আনি আপুনি ব্যৱসায় কৰিব নোৱাৰে৷ বহু লোকক মই দেখিছোঁ- সামাজিক মাধ্যমত ইয়াক ন্যায়সংগত বুলি দাবী কৰে৷ তেওঁলোকে অনলাইনত টকা বিনিয়োগ কৰে৷ নিজৰ টকা ষ্টক এক্সচেঞ্জত যিমান বিনিয়োগ কৰে কৰি থাকক৷ কিন্তু বেলেগৰ টকা আনি আপুনি ষ্টক এক্সচেঞ্জত বিনিয়োগ কৰিব নোৱাৰে আৰু আপুনি এগ্রিমেণ্টো কৰিব নোৱাৰে যে আমি আপোনাক ১৫ শতাংশ, ৩০ শতাংশ সুত দিম৷ গতিকে গোটেহ ব্যৱসায়টোৱেই সম্পূর্ণভাৱে অবৈধ৷ সেয়ে অসম পুলিচক স্পষ্ট নির্দেশ দিয়া হৈছে যে এনে ব্যৱসায়ৰ লগত জড়িত আটাইকে আইনৰ আওতালৈ আনিব লাগে আৰু সমান্তৰালভাৱে মই অসমৰ ৰাইজক বাৰে বাৰে অনুৰোধ কৰিছোঁ যে আপোনালোকে এনে সহজ ধন ঘটাৰ প্রলোভনত ভৰি নিদিব৷ নহ’লে এনে কষ্টোপার্জিত ধন এনেদৰেই অনলাইন ট্ৰেডিঙৰ নামত একাংশ ব্যক্তিয়ে লৈ যাব৷ ৰাইজক মুখ্যমন্ত্রী ড০ শর্মাই আহ্বান জনাই কয় যে কোনো কাৰণতে ৰিজার্ভ বেংকৰ অনুমোদন নাথাকিলে কোনো বিত্তীয় লেনদেনত জড়িত হ’ব নালাগে৷ আনহাতে, ডিব্রুগড়ত মুখ্যমন্ত্রী সচিবালয় মুকলি কৰা প্রসংগত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সংবাদ মাধ্যমৰ আগত কয়– এই সচিবালয়ৰ দ্বাৰা উজনি অসম আৰু উত্তৰ অসমৰ সকলো প্রশাসনিক কাম–কাজ পৰিচালনা কৰাৰ চেষ্টা কৰা হ’ব৷ মাহত চাৰি দিন ৰাজ্যৰ মুখ্যমন্ত্রীগৰাকী ডিব্রুগড়ত থাকিব আৰু ডিব্রুগড়ৰ পৰাই অসমৰ প্রশাসনিক কাম–কাজ কৰাৰ প্রচেষ্টা চলোৱা হ’ব৷ লাহে–ধীৰে ইয়াত সচিবালয়ৰ এটা বর্ধিত ৰূপেৰে মন্ত্রীসকলৰ বাবেও ব্যৱস্থা কৰা হ’ব, কনভেনচন হল স্থাপন কৰি উজনি অসম আৰু উত্তৰ অসমৰ সকলো প্রশাসনিক কাম–কাজ পৰিচালনাৰ চেষ্টা কৰা হ’ব বুলিও মুখ্যমন্ত্রী ড০ শর্মাই মত প্রকাশ কৰে৷

You might also like