নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দুগৰাকী শিক্ষকলৈ‌ কৃতী শিক্ষকৰ বঁটা

🔹 বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানৰ শুভেচ্ছা

নিয়মীয়া বাৰ্তা,  ৮ ছেপ্টেম্বৰ : কেইবাটাও বিৰ্তকিত বিষয়ে বৰহোলাৰ ৰাইজৰ মাজত ব্যাপক চৰ্চা লাভ কৰাৰ মাজতে শেহতীয়াকৈ দুটা ইতিবাচক খবৰে ৰাইজক বিশেষভাৱে আনন্দিত কৰি তুলিছে। উল্লেখ্য যে বৃহত্তৰ বৰহোলা অঞ্চলৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰশান্ত কুমাৰ মহন্তক অসম চৰকাৰে ৰাজ্যিক ভিত্তিত কৃতী শিক্ষকৰ বঁটা প্ৰদানৰ লগতে বিদ্যালয়খনৰে উপাধ্যক্ষ দিগন্ত বৰাক যোৰহাট জিলা প্ৰশাসনৰ তৰফৰ পৰা কৃতী শিক্ষকৰ বঁটাৰে সন্মানিত কৰে। দুয়োগৰাকী শিক্ষক, সমাজকৰ্মীয়ে এই সন্মান লাভ কৰা খবৰে বৰহোলা অঞ্চলৰ শৈক্ষিক মহলক অতিকৈ আনন্দিত আৰু উৎফুল্লিত কৰি তুলিছে। উল্লেখ্য যে প্ৰশান্ত কুমাৰ মহন্তই ১৯৯০ চনতে বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ইংৰাজীৰ বিষয় শিক্ষক হিচাপে যোগদান কৰি ২০২২ বৰ্ষৰ পৰা বিদ্যালয়খনৰ অধ্যক্ষৰ দায়িত্ব পালন কৰি আছে। মাজুলীৰ এলেঙী সত্ৰত জন্মগ্ৰহণ কৰা মহন্তই নীৰৱে সাহিত্য চৰ্চা অব্যাহত ৰখা বুলিও জানিব পৰা গৈছে। গুৱাহাটীত অনুষ্ঠিত বৰ্ণাঢ্য অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই  প্ৰশান্ত কুমাৰ মহন্তক ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা প্ৰদান কৰে। আনহাতে, জিলা ভিত্তিত কৃতী শিক্ষকৰ বঁটা লাভ কৰা দিগন্ত বৰা বৃহত্তৰ বৰহোলা অঞ্চলটোৰ এগৰাকী সমাজহিতৈষী ব্যক্তি। তেওঁ বৰহোলা অঞ্চলৰ সকলো অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে ওতপ্ৰোতভাৱে জড়িত। বৰহোলাৰ শৈক্ষিক, ক্ৰীড়া আৰু সাংস্কৃতিক ক্ষেত্ৰৰ উত্তৰণৰ বাবে প্ৰতিটো সময়তে নি:স্বাৰ্থভাৱে কাম কৰি গৈছে দিগন্ত বৰাই। তেওঁ ১৯৯৮ চনত বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এগৰাকী শিক্ষক হিচাপে যোগদান কৰি ২০২৩ চনৰ পৰা উপাধ্যক্ষৰ দায়িত্ব পালন কৰি আছে। যোৱা শিক্ষক দিৱসত যোৰহাটত জিলা প্ৰশাসন আৰু শিক্ষা বিভাগে দিগন্ত বৰাক সম্বৰ্ধনা পত্ৰ, স্মাৰক আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰে।‌ দুয়োগৰাকী শিক্ষকলৈ বৰহোলা আঞ্চলিক ছাত্ৰ সন্থা, বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ বৰহোলা আঞ্চলিক সমিতি, বৰহোলা সাংবাদিক সন্থা, সেউজী কানন শাখা সাহিত্য সভা আদিকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, শুভাকাংক্ষীয়ে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছে।

প্ৰেৰক অজয় শইকীয়া

You might also like