নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্ৰীৰ নিৰ্দেশত কাছাৰৰ উন্নয়নমূলক কাম-কাজৰ মূল্যায়ন মন্ত্ৰী অতুল বৰাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ ছেপ্টেম্বৰঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য় চৰকাৰে বিভিন্ন কল্যাণকামী আঁচনি আৰু অভিলাষী প্ৰকল্পৰ ফলপ্ৰসূ ৰূপায়ণৰ যোগেদি বৰাক উপত্যকাৰ জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নীতকৰণৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এনে পদক্ষেপক সাৰোগত কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ নিৰ্দেশ অনুসৰি কাছাৰ জিলাৰ বিভিন্ন উন্নয়নমূলক কাম-কাজৰ স্থিতিৰ মূল্যায়ন কৰাৰ উদ্দেশ্যে আজি শিলচৰ চহৰত উপস্থিত হয় কৃষিমন্ত্ৰী অতুল বৰা। মন্ত্ৰী বৰাই কাছাৰৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত শিলচৰ বিধানসভা সমষ্টিৰ বিধায়ক দীপায়ন চক্ৰৱৰ্তী, উদাৰবন্দ বিধানসভা সমষ্টিৰ বিধায়ক মিহিৰকান্তি সোম, জিলা আয়ুক্ত ৰোহন কুমাৰ ঝা, আৰক্ষী অধীক্ষক নোমল মাহাতা সমন্বিতে কাছাৰ জিলাৰ বিভিন্ন চৰকাৰী বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। উক্ত বৈঠকত স্বাস্থ্য, কৃষি, উদ্যান শস্য, পশুপালন আৰু পশু চিকিৎসা, মীনপালন, সীমান্ত সুৰক্ষা আৰু উন্নয়ন, বন, শিক্ষা, জলসিঞ্চন, ৰাজহ, জনস্বাস্থ্য কাৰিকৰী, লোকনিৰ্মাণ আদিকে ধৰি জিলাখনৰ ২৪টা বিভাগৰ অধীনস্থ বিভিন্ন কল্যাণকামী আঁচনি আৰু অভিলাষী প্ৰকল্পৰ ৰূপায়ণৰ স্থিতি আৰু যাৱতীয় কাম-কাজৰ শেহতীয়া অগ্ৰগতিৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰে মন্ত্ৰী বৰাই। জিলাখনৰ জনপ্ৰতিনিধিসকলৰ সৈতে সুসম্পৰ্ক ৰক্ষা কৰি বিষয়াসকলক আঁচনিসমূহ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত ৰূপায়ণ কৰিবলৈ পৰামৰ্শ দিয়ে মন্ত্ৰী বৰাই। উক্ত বৈঠকত জিলা প্ৰশাসনৰ বিষয়াসকলৰ লগতে জিলাখনৰ বিভিন্ন চৰকাৰী বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

You might also like