নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুভ্ৰ আঁচল উৰুৱাই ফুলিছে কঁহুৱা, শুকুলা কঁহুৱাই হাত বাউলি মাতিছে শৰতক

ঢকুৱাখনাৰ পৰা পুলকজ্যোতি বৰা, ১০ ছেপ্টেম্বৰ : চৌদিশে কেৱল শুভ্ৰতাৰ আস্বাদন।নীলা আকাশৰ থুপি থুপি শুকুলা ডাৱৰৰ আচলত ধৰি প্ৰকৃতিৰ আপোন বাটেৰে নামি আহিছে শৰৎ। শুভ্ৰ আঁচল উৰুৱাই ফুলিছে নৈ পাৰৰ কঁহুৱা। নীলা আকাশৰ তলত মলয়াৰ ৰিব ৰিব বতাহত নীলা আকাশৰ তলত হালি জালি নাচিছে শুভ্ৰ কঁহুৱাই। চঞ্চলা কঁহুৱাই হাত বাউলি মাতিছে শৰতক। নৈৰ পাৰৰ কঁহুৱাৰ লয়লাস নাচোনে আনিছে উৎসৱৰ বতৰা। কঁহুৱাবোৰে যেন জনাই দিছে এয়া উৎসৱৰ বতৰ। উৎসৱ আগমনৰ বার্তাত মন-প্ৰাণ হৰি নিয়াৰ সময় এয়া। শৰতৰ আগমনৰ লগে লগে ঢকুৱাখনাৰ প্রান্তে প্রান্তে ফুলিছে শুভ্ৰ কঁহুৱা। বানৰ বিভীষিকাৰ পাচত যেন শৰত অহাৰ বাতৰি পাই শুকুলা দলিছা পাৰি দিছে প্ৰকৃতিয়ে। শৰতৰ আগমণৰ লগে লগে অতি মনোমোহা হৈ পৰিছে ঢকুৱাখনাৰ চৌদিশ। মহাবাহু ব্ৰহ্মপুত্ৰকে ধৰি চাৰিকড়ীয়া, কঢ়া, চামপৰা আদি নৈৰ পাৰত চকুৰে মনিব নোৱাৰা পৰ্য্যন্ত ফুলি থকা শুভ্ৰ কঁহুৱাই স্বাভাৱিকভাবেই দৃষ্টি আকৰ্ষণ কৰিছে সকলোকে। কঁহুৱাৰ সৌন্দৰ্য্যত কবিৰ কলমত প্ৰান পাইছে কবিতাই, শিল্পীয়ে সৃষ্টি কৰিছে গীতৰ। শুভ্ৰ কহুৱাৰ আচ্ছাদনে প্ৰতিজনৰে মনলৈ নমাই আনিছে গভীৰ শীতলতা। কঁহুৱাৰ মায়াই সকলোকে হাতবাউলি দি মাতে। বতাহত হালিজালি নাচি থকা কঁহুৱা বনে মন্ত্ৰমুগ্ধ কৰিছে সকলোকে। সম্প্ৰতি নৈ-জান-জুৰিৰ পাৰ আৰু পথাৰৰৰ মাজত শাৰী শাৰীকৈ ফুলি থকা কঁহুৱানিবোৰৰ মনোমোহা ৰূপ পান কৰিবলৈ আগমন ঘটিছে বিভিন্ন লোকৰ।প্ৰতিগৰাকী প্ৰকৃতি প্ৰেমীয়ে উপভোগ কৰিছে নদীৰ দুয়োপাৰে ফুলি থকা কঁহুৱাৰ নয়নাভিৰাম দৃশ্য। বতাহত হালিজালি নাচি থকা কঁহুৱা বনে মন্ত্ৰমুগ্ধ কৰিছে সকলোকে। কঁহুৱা ফুলৰ এই নয়নাভিৰাম দৃশ্যই যেন মানুহৰ মনলৈও কঢ়িয়াই আনিছে নতুন সম্ভাৱনা। এনেদৰেই এতিয়া শৰতৰ আগমনে কঁহুৱা ফুলৰ শুভ্ৰতাই পুলকিত কৰিছে সকলোৰে মন-প্ৰাণ।

You might also like