নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অইলৰ সামাজিক দায়বদ্ধতা আঁচনি প্রকল্প অইল আশাৰ শুভাৰম্ভণি

নিয়মীয়া বাৰ্তা, ১০ ছেপ্টেম্বৰঃ মহাৰত্ন কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠান তথা প্রধানকৈ খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ অন্বেষণ আৰু উৎপাদন কাৰ্য্যৰ সৈতে জড়িত ভাৰতৰ পুৰণিতম প্রতিষ্ঠান অইল ইণ্ডিয়া লিমিটেড আজি এক ধ্বজাধাৰী নিগমিত সামাজিক দায়বদ্ধতা আঁচনি প্রকল্প ‘”অইল আশা”ৰ শুভাৰম্ভণি কৰে। এই যুগান্তকাৰী প্ৰকল্পৰ উদ্দেশ্য হৈছে, উত্তৰ-পূৱৰ অগ্ৰণী কৰ্কট ৰোগৰ কেন্দ্ৰ তথা শিশুৰ টিউমাৰ ৰোগ অধ্যয়নৰ বিভাগ উপলব্ধ একমাত্র প্রতিষ্ঠান ডাঃ বি বৰুৱা কৰ্কট প্রতিষ্ঠানত কৰ্কট ৰোগৰ সৈতে যুঁজি থকা শিশুসকলক সামগ্রিক পুষ্টিত সহায় আগবঢ়োৱা। উল্লেখযোগ্য যে, আজি গুৱাহাটীস্থিত ডাঃ বি বৰুৱা কর্কট প্রতিষ্ঠানত এই প্রকল্প ৰূপায়ণৰ বাবে অইল ইণ্ডিয়াৰ গ্রামোন্নয়ন সমিতি আৰু কাডলছ ফাউণ্ডেশ্যনৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। প্রকল্প ‘অইল আশা’ই কৰ্কট ৰোগত আক্রান্ত শিশুসকলৰ মংগলৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি সামুহিক কল্যাণ আৰু স্বাস্থ্যসেৱাৰ প্ৰতি অইলৰ দায়বদ্ধতাক আলোকপাত কৰে। প্রকল্পটোৰ অধীনত বিশেষজ্ঞ পুষ্টিবিদসকলে প্রয়োজনীয় সুকীয়া পুষ্টি পৰিকল্পনা প্ৰস্তুত কৰাৰ লগতে প্ৰতিটো শিশুৰ নিৰ্দিষ্ট প্রয়োজনীয়তাসমূহৰ দিহা-পৰামৰ্শ আৰু নিৰীক্ষণ আগবঢ়াব। ‘অইল আশা’ই শিশুসকলক মানসম্পন্ন খাদ্য পৰিপূৰক, চিকিৎসালয়ত গৰম খাদ্য, পৰিয়ালৰ বাবে মাহেকীয়া ৰেচনৰ টোপোলা, যত্ন লোৱাৰ ক্ষেত্ৰত শিক্ষা আৰু সহায় আগবঢ়োৱাৰ লগতে কাষ্টমাইজড ফুড হিলছ এপত অনুসৰণ আৰু নিৰীক্ষণৰ ব্যৱস্থা কৰিব। এই সন্দৰ্ভত বক্তব্য প্রদান কৰি অইল ইণ্ডিয়া লিমিটেডৰ আৱাসিক মুখ্য বিষয়া ৰূপজ্যোতি ফুকনে কয় যে “প্রকল্প ‘অইল আশা’ কেৱল এটা চি এছ আৰৰ পদক্ষেপ নহয়, ইয়াৰ পৰিসৰ তাতকৈ অধিক; জীৱনৰ অন্যতম কঠিন যুদ্ধত যুঁজি থকা শিশুসকলৰ বাবে ই এক জীৱনৰেখা। আমাৰ বিশ্বাস যে, এই শিশুসকলক প্রয়োজনীয় পুষ্টিৰ সহায় আগবঢ়াই আমি তেওঁলোকক তেওঁলোকৰ ৰোগ দূৰ কৰিবলৈ আৰু সুস্থ, পৰিপূৰ্ণ জীৱন যাপন কৰিবলৈ শক্তি প্রদান কৰিছোঁ।” বি বৰুৱা কর্কট প্রতিষ্ঠানত চিকিৎসা চলি থকা শিশুসকলৰ পৰিয়ালবৰ্গক ৰেচনৰ টোপোলা বিতৰণ কৰি ৰূপজ্যোতি ফুকনে প্রকল্পটোৰ আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। কাডলছ ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক তথা মুখ্য কার্যবাহী বিষয়া পূর্ণতা দত্ত বাহালেও বক্তব্য আগবঢ়াই কয় যে ‘ সঠিক পুষ্টি হৈছে, শিশুৰ কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজৰ মূল আধাৰ। অইল ইণ্ডিয়া লিমিটেডৰ ‘অইল আশা’ৰ সৈতে আমাৰ অংশীদাৰিত্বৰ জৰিয়তে এই বছৰ ১৫০০ৰো অধিক বঞ্চিত শিশুক পুষ্টিৰ ক্ষেত্ৰত সহায় আগবঢ়াই ডাঃ বি বৰুৱা কর্কট প্রতিষ্ঠানলৈ ফুড হিলছ কার্যসূচী আনিবলৈ পাই আমি গৌৰৱান্বিত। আমাৰ লক্ষ্য এইটো যে পুষ্টিহীনতাত যাতে কোনো শিশু পিছ পৰি নাথাকে।” আনহাতে অইল ইণ্ডিয়াৰ ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সঞ্চালক ডা০ বিভূতি ভূষণ বৰঠাকুৰে লগতে কয়, “এই গুৰুত্বপূৰ্ণ পদক্ষেপৰ বাবে আমি অইল ইণ্ডিয়া লিমিটেডৰ ওচৰত কৃতজ্ঞ। উপযুক্ত পুষ্টি কৰ্কট ৰোগৰ ফলপ্ৰসূ চিকিৎসাৰ মূল আধাৰ আৰু প্ৰকল্প ‘অইল আশা’ৰ সহায়ত আমি আমাৰ যুৱ ৰোগীসকলক সুস্থ হোৱাৰ সৰ্বোত্তম সুযোগ আগবঢ়াবলৈ সক্ষম হ’ম।” এই অনুষ্ঠানটোত পেডিয়েট্রিক অনক’লজি (Paediatric Oncology) বিভাগৰ মুৰব্বী ডাঃ মুনলীমা হাজৰিকাৰ লগতে অইল ইণ্ডিয়া গ্রামোন্নয়ন সমিতিৰ সভাপতি তথা অইলৰ কাৰ্য্যবাহী সঞ্চালক ভৈৰৱ ভূঞা আৰু অইল আৰু কৰ্কট প্রতিষ্ঠানটোৰ অন্যান্য বিষয়াবর্গ উপস্থিত থাকে।

প্ৰেৰক কৃষ্ণা গগৈ

You might also like