নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰাক্তন ছাত্ৰ নেতা ধুবুৰীৰ ইনামুল হকৰ অকাল বিয়োগ

নিয়মীয়া বাৰ্তা, ১১ ছেপ্টেম্বৰঃ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন মুখ্য সাংগঠনিক সম্পাদক, প্ৰাক্তন সীমান্ত সমন্বয়ক, সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদৰ কেন্দ্ৰীয় কমিটীৰ সভাপতি তথা ধুবুৰীৰ বিশিষ্ট অধিবক্তা ইনামুল হক আৰু নাই। মাথোঁ ৫৬ বছৰ বয়সতে ইহলীলা সম্বৰণ কৰা হকৰ এই আকষ্মিক প্ৰয়াণে কেৱল ধুবুৰীৰেই নহয়, পশ্চিম অসমৰ আংঞ্চলিকতাবাদী শক্তিৰ এক অপূৰণীয় ক্ষতি বুলিয়েই বিবেচিত হৈছে। উল্লেখ্য যে কালি ধুবুৰীৰ ঝগৰাৰপাৰস্থিত নিজা গৃহত নাক আৰু মুখেৰে অকস্মাতে ৰক্তপাত হোৱাৰ পিছত ততাতৈয়াকৈ তেওঁক ধুবুৰী মেডিকেল কলেজ আৰু হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও আজি পুৱা চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়। অসংখ্য গুনমুগ্ধৰ উপস্থিতি ইতিমধ্যে ধুবুৰীৰ ঝগৰাৰপাৰৰ দাৰুল উলুমীয়া মাদ্ৰাছাৰ কবৰস্থানত তেওঁৰ নশ্বৰ দেহৰ দফন কৰা হৈছে। ধুবুৰীৰ ঐতিহ্যমণ্ডিত ভোলানাথ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত পিছলৈ গৈ ধুবুৰী আইন মহাবিদ্যালয়ৰ পৰা আইনৰ ডিগ্ৰী লাভ কৰিছিল তেওঁ। অসম গণ পৰিষদ দলৰ প্ৰাক্তন নেতা ইনামুল হক ধুবুৰী আদালতৰ এগৰাকী প্ৰতিষ্ঠিত অধিবক্তাও আছিল। মৃত্যুৰ সময়ত পত্নী-পুত্ৰকে ধৰি অসংখ্য গুণমুগ্ধক এৰি থৈ অচিন এক জগতলৈ যাত্ৰা কৰে তেওঁ। ইনামুল হকৰ মৃত্যুৰ বাতৰিয়ে কেৱল ধুবুৰী জিলাতেই ৰাজ্যজুৰি শোকৰ ছাঁ পেলাইছে। ইতিমধ্যে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সদৌ অসম ছাত্ৰ সন্থা (আছু)ৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, আছুৰ সভাপতি উৎপল শৰ্মা, অসম গণ পৰিষদ দলৰ উপ-সভাপতি অপূৰ্ব কুমাৰ ভট্টাচার্য, আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা অসম জাতীয় পৰিষদ সভাপতি লুৰিণজ্যোতি গগৈ, অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ উপদেষ্টা হেমেন চক্ৰৱৰ্তী প্ৰমুখ্যে বহু দল-সংগঠনে হকৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। আনহাতে, ধুবুৰীৰ প্ৰাক্তন জিলা তথ্য আৰু জনসংযোগ বিষয়া তথা বৰ্তমান তিনিচুকীয়াত কৰ্মৰত বিকাশ শৰ্মাই এক বাৰ্তাত ইনামুল হকৰ অকাল মৃত্যু নিশ্চিতভাবে সমাজৰ বৃহৎ ক্ষতি বুলি অভিহিত কৰিছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like