নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাছিয়াৰ কাঝান ছবি মহোৎসৱত প্রদর্শন ‘Son of the Soil’

বিশেষ বাৰ্তা, ১২ ছেপ্টেম্বৰ : ৰাছিয়াৰ কাঝান চহৰত ৬ৰ পৰা ১১ ছেপ্টেম্বৰলৈ চলা Altyn Minbar কাঝান আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱৰ মুখ্য প্রতিযোগিতালৈ মনোনীত হয় আকাংক্ষা ভাগৱতীৰ প্রায় ২৪ মিনিট দৈর্ঘ্যৰ চুটি ছবি Son of the Soil ৷ আকাংক্ষাৰ ছবিখনৰ সৈতে বিশ্বৰ আৰু ৯খন চুটি ছবি প্রতিযোগিতা শাখাত অৱতীর্ণ হৈছে৷ ইজিপ্ত, চীন, ছেনাগাল, পাকিস্তান, ইৰান, মৰক্কো, ৰাছিয়া, তুনিছিয়া আৰু তাজিকিস্তানৰ পৰা আনকেইখন ছবি প্রতিযোগিতাত অৱতীৰ্ণ হয় ৷ ৬ ছেপ্টেম্বৰত ছবি মহোৎসৱৰ শুভাৰম্ভণি হয় কাঝান চিটী হলত আৰু কালি কাঝান ষ্টেট অকাডেমিক থিয়েটাৰত এই অনুষ্ঠানৰ সামৰণি পৰে৷ ৭ ছেপ্টেম্বৰত দিনৰ ১০ বজাত  ‘Son of the Soil’ ৰুছ ভাষাৰ অনুবাদৰ সৈতে প্রদর্শিত হয়৷ ধনঞ্জয় দেৱনাথ আৰু সুদর্শন নাথৰ মুখ্য অভিনয়েৰে অসমৰ তথাকথিত সামাজিক আৰু ৰাজনৈতিক পটভূমিত এজন অসমীয়া যুৱক আৰু এজন প্রব্ৰজনকাৰী লোক, যি পূর্বপুৰুষৰ দিনৰে পৰা অসমৰ মাটিত বসবাস কৰি আহিছে তেওঁলোক দুয়োৰে মাজত মাটিৰ অধিকাৰক লৈ হোৱা কন্দলৰ বিষয়বস্তু দাঙি ধৰিবলৈ চেষ্টা কৰা হৈছে চুটি ছবিখনত৷ এই ছবিখনৰ প্রযোজনা হেমাংগ ভাগৱতীৰ৷ কেমেৰাত নাহিদ আহমেদ, শব্দ প্রযোজনা দেৱজিৎ গায়নৰ৷ সম্পাদনা শংখজিৎ বিশ্বাসৰ আৰু ৰঙৰ সংমিশ্রণ ঘনশ্যাম কলিতাৰ৷ নগাঁৱৰ ৰাঙলু আৰু কচুপীঠ গাঁৱত দৃশ্যগ্রহণ কৰা ছবিখনৰ ২০২৩ৰ আগষ্ট মাহত প্রিমিয়াৰ অনুষ্ঠিত হৈছিল কেৰালা আন্তঃৰাষ্ট্রীয় তথ্যচিত্র (ডকুমেণ্টৰী) আৰু চুটি ছবি মহোৎসৱত৷

You might also like