নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কলিতা জনগোষ্ঠী সন্মিলনৰ

নিয়মীয়া বাৰ্তা, ১৩ ছেপ্টম্বৰঃ অসমৰ ব্রহ্মপুত্র উপত্যকাৰ বৃহত্তম আৰু প্রাচীনতম অধিবাসী কলিতাসকলক সাংস্কৃতিক, বৌদ্ধিক, আর্থ-সামাজিক আৰু ৰাজনৈতিক চিন্তা-চেতনাৰে জাগ্রত কৰা একমাত্র সংগঠন কলিতা জনগোষ্ঠী সন্মিলন, অসমৰ নেতৃবৃন্দই কালি সন্ধিয়া অসমৰ মুখ্যমন্ত্ৰীৰ চৰকাৰী কাৰ্যালয়ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি এক দীঘলীয়া আলোচনাত মিলিত হয়৷ অসমৰ প্রাচীন ভূমিপুত্র সকলৰ ভিতৰত অন্যতম কলিতাসকল আজি বিভিন্ন দিশত বঞ্চিত হৈ অহাৰ সময়তে মুখ্যমন্ত্ৰীৰ সতে এই কলিতাসকলৰ এই আলোচনাই বিশেষ তাৎপৰ্য বহন কৰা বুলি বিবেচিত হৈছে৷ কিয়নো এই আলোচনাত মুখ্যমন্ত্ৰীয়ে কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা বুলি কলিতা জনগোষ্ঠী সন্মিলনীৰ নেতৃত্বই জানিবলৈ দি কয় যে জনগোষ্ঠাটোৱে ইমানদিনে জনাই অহা আহ্বানৰ প্ৰতি সহাৰি জনাই মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ভগদত্ত প্ৰকল্পৰ বাবে আমিনগাঁও অথবা বজালীত মাটি চাবলৈ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক দায়িত্ব দিয়াৰ লগতে মাটি নিৰ্বাচিত হোৱাৰ পিছতে এই প্ৰকল্পৰ আধাৰশিলা মুখ্যমন্ত্ৰীয়ে নিজে স্থাপন কৰিব বুলি ঘোষণা কৰে। আনহাতে অসমৰ প্ৰাচীনতম ভূমিপুত্ৰ কলিতাসকলৰ বাবে land pratection right সমগ্ৰ অসমতে আনিব বুলি ব্যক্ত কৰি তাৰ বাবে এখন সুকীয়া স্মাৰক পত্ৰ এসপ্তাহৰ ভিতৰত তেওঁৰ ওচৰত দাখিল কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কলিতা জনগোষ্ঠীৰ নেতৃত্বক জনায়৷ ইয়াৰোপৰি কটন বিশ্ববিদ্যালয়ত কলিতা জনগোষ্ঠীৰ গৌৰৱ ড৹ বাণীকান্ত কাকতিৰ নামত এটা ভাষা গৱেষণা কেন্দ্ৰ আৰু তেখেতৰ প্ৰতিমূৰ্ত্তি স্থাপন কৰা হব বুলিও আশ্বাস প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কলিতা ৰজা মণিৰাম দেৱানৰ নামত ৰৰৈয়া বিমানবন্দৰটোৰ নামাকৰণ কৰা বিষয়টোও গুৰুত্ব সহকাৰে বিবেচনা কৰিব বুলি আশ্বাস দিয়ে। এই সাক্ষাতত আলোচিত হোৱা বিষয়সমূহক গুৰুত্বসহকাৰে বিবেচনা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কলিতা উন্নয়ন পৰিষদখন পুনৰ গঠন কৰাৰ বাবে আমাক সন্মতি প্ৰদান কৰাৰ লগতে বৰাগাঁৱৰ মাটিখিনি কম দিনৰ ভিতৰতে মীমাংসা কৰিব বুলি ঘোষণা কৰিছে। ইপিনে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদত কলিতা জনগোষ্ঠী বাবে দুটা কলিতাপ্ৰধান সমষ্টি ঠাৱৰ কৰিবলৈ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক দায়িত্ব দিয়াৰ কথাও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে বুলি কলিতা জনগোষ্ঠী সন্মিলন, অসমৰ নেতৃত্বই আজি পাঠশালাত সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷ আলোচনাত কলিতা জনগোষ্ঠী সন্মিলন, অসমৰ সভাপতি ড৹ সোনেশ্বৰ কলিতা, সাধাৰণ সম্পাদক চিত্তৰঞ্জন ডেকা, যুটীয়া সম্পাদক অজিত ডেকা আৰু বিজয় কলিতা, সাংগঠনিক সম্পাদক ধনেশ্বৰ তালুকদাৰ, গুৱাহাটী মহানগৰ সমিতিৰ মৃনাল মেধি আদি উপস্থিত থাকে।

প্ৰেৰক কল্যাণ কলিতা

You might also like