নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহোৱালত সুৰামত্ত অৱস্থাত ফটা হাফপেণ্ট পিন্ধি কৰ্ম সম্পাদন চিকিৎসকৰ

🔴 সাংবাদিকক দুৰ্ব্যৱহাৰ চিকিৎসকৰ

নিয়মীয়া বাৰ্তা,লাহোৱাল ১৮ আগষ্টঃ সততে লাহোৱালৰ পি এইচ চিত নিশা হ’লেই কোনো চিকিৎসক নথকা বুলি ৰোগীৰ লগতে লাহোৱালৰ আৰক্ষীয়ে দীৰ্ঘদিনৰ পৰা অভিযোগ তুলি অহাৰ সময়তে বিশ্বকৰ্মা পূজাৰ অচিলাৰে সন্ধিয়ালৈ একাংশ চিকিৎসক উপস্থিত নোহোৱাত ভিন্ন বেমাৰ আজাৰত ভুক্তভোগী একাধিক ৰোগীয়ে হস্পিতালখনৰ পৰা উভতি আহিবলগীয়া হোৱা কাণ্ডই কালি পুনৰ ৰোগীৰ লগতে আৰক্ষীয়ে প্ৰদান কৰি অহা দীৰ্ঘদিনীয়া অভিযোগক এক প্ৰকাৰে সঁচা বুলি প্ৰমাণিত কৰিলে। উল্লেখৰ আৱশ্যক যে লাহোৱাল উন্নয়ন খণ্ডৰ অৰ্ন্তগত অৰ্ধশতাধিক গ্ৰামাঞ্চলৰ ৰাইজে প্ৰথমাৱস্থাত প্ৰাথমিক চিকিৎসাৰ বাবে লাহোৱাল পি এইচ চিলৈকে ঢাপলি মেলে যদিও নিশা হ’লেই চৰকাৰী হস্পিতালখনত কোনো চিকিৎসক উপস্থিত নথকাত ততাতৈয়াকৈ পুনৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ ঢাপলি মেলিবলগীয়া হয় বুলি একাংশ ৰোগীয়ে অভিযোগ প্ৰদান কৰি অহাৰ সমান্তৰালকৈ লাহোৱাল থানাৰ লগতে লাহোৱাল থানাৰ অৰ্ন্তগত আৰক্ষী চকীকেইখনৰ পৰা আচামীয়ে হওক বা অভিযোগ প্ৰদান কাৰীয়েই হওক স্বাস্থ্য পৰীক্ষাৰ বাবে নিশা লাহোৱাল পি এইচ চিত নিবলগীয়া হয় যদিও চিকিৎসালয়ত নিশা প্ৰায়ে চিকিৎসক নথকা বুলি আৰক্ষীৰ লোকসকলেও অভিযোগ প্ৰদান কৰি আহিছিল। উল্লেখনীয় আন এক ঘটনা যে ১৭ ছেপ্তেম্বৰ অৰ্থা কালি লাহোৱালৰ স্থানীয় এজন সংবাদকৰ্মীয়ে ভৰিত আঘাতপ্ৰাপ্ত হৈ সন্ধিয়া হস্পিতালখনলৈ গৈছিল যদিও হস্পিতালখনত কোনো চিকিৎসক নাছিল৷ দুই এগৰাকী নাৰ্ছৰ ভাষ্য অনুসৰি সেই সময়ত প্ৰাঞ্জল বৰা নামৰ এজন চিকিৎসকৰ ডিউটি আছিল যদিও বাৰ বজাৰ পৰা নিশালৈকে চিকিৎসকগৰাকী হস্পিতালত উপস্থিত নোহোৱা বুলি হস্পিতালখনৰ নাৰ্ছকেইগৰাকীয়ে সংবাদ কৰ্মীজনক অৱগত কৰে৷ সংবাদ কৰ্মীগৰাকীয়ে চিকিৎসালয়খনত কিয় চিকিৎসক নাই বুলি প্ৰশ্ন কৰাৰ পিছতে নাৰ্ছ এগৰাকীয়ে ফটা হাফপেণ্ট আৰু টি চাৰ্ট পৰিধান কৰা এজন ব্যক্তিক বিচাৰি আনি সংবাদকৰ্মীজনক লোকজনৰ টেবুললৈ লৈ যায় বুলি জানিব পৰা গৈছে, সুৰামত্ত অৱস্থাত ফটা হাফপেণ্ট পৰিধান কৰা চকীদাৰ ৰূপী চিকিৎসকজনৰ অদ্ভুত সাজ পোছাক দেখি সংবাদকৰ্মীজনে প্ৰশ্ন কৰাত পাঠক উপাধিধাৰী চিকিৎসকজনে সংবাদ কৰ্মীগৰাকীক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে৷ স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি হাফপেণ্ট পৰিধান কৰা পাঠক উপাধিধাৰী চিকিৎসকজন লাহোৱাল পি এই চিৰ ভাৰপ্ৰাপ্ত চিকিৎসকৰ দায়িত্বত আছে যদিও চিকিৎসকজনে কেৱল সংবাদকৰ্মী বুলিয়েই নহয় ৰোগীসকলকো দুৰ্ব্যৱহাৰ কৰি অহা বুলি অভিযোগ উঠিছে৷ তদুপৰি অতি উগ্ৰ আৰু উদণ্ড প্ৰকৃতিৰ চিকিৎসকজনে এবছৰ পূৰ্বে লাহোৱালৰ স্থানীয় সংগঠনৰ এজন নেতাক পিষ্টল দেখুওৱাৰ পৰিণতিত পিষ্টলৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ লগতে আৰক্ষীয়ে আইনী মেৰপাকতো পৰিছিল বুলি আন এক সূত্ৰই জানিবলৈ দিছে৷ ঘটনা সন্দৰ্ভত সংবাদকৰ্মীগৰাকীয়ে ডিব্ৰুগড় জিলা যুটীয়া স্বাস্থ্য সঞ্চালকক অভিযোগ প্ৰদান কৰাত সঞ্চালকগৰাকীয়ে সেই সময়ত কৰ্মত নিয়োজিত চিকিৎসকসকলৰ লগতে পাঠক উপাধিধাৰী চিকিৎসকজনৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰা বুলি জানিব পৰা গৈছে ৷ প্ৰায় সুৰামত্ত অৱস্থাত কৰ্ম সম্পাদনত গাফিলতি কৰাৰ লগতে ৰোগীসকলকো দুৰ্ব্যৱহাৰ কৰা চিকিৎসকজনৰ বিৰুদ্ধে স্থানীয় সচেতন ৰাইজেও যুটীয়া স্বাস্থ্য সঞ্চালকক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৷

প্ৰেৰক কাঞ্চনজ্যোতি গোহাঁই

You might also like