নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীঘাট আৰক্ষীৰ জালত দুই চাইবাৰ অপৰাধী

নিয়মীয়া বাৰ্তা, ২১ ছেপ্টেম্বৰ : চাইবাৰ অপৰাধীৰ বিৰুদ্ধে মৰিগাঁও আৰক্ষীৰ অভিযান অব্যাহত আছে। যোৱানিশা মৰিগাঁও আৰক্ষীৰ বিশেষ শাখাই লাহৰীঘাটৰ ভূঞাবাৰীত অভিযান চলাই দুই কুখ্যাত চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত চাইবাৰ অপৰাধীকেইটা ক্ৰমে ভূঞাবাৰী গাঁৱৰ ইনজামুল হুছেইন আৰু ইছৰাফিল আলী বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।ধৃত চাইবাৰ অপৰাধীকেইটাই দীৰ্ঘদিন ধৰি চাইবাৰ কাণ্ডৰ লগত জড়িত হৈ থকাৰ অভিযোগ উত্থাপন হৈ আহিছিল। পৰৱৰ্তী সময়ত ধৃত চাইবাৰ অপৰাধীকেইটাক লাহৰীঘাট আৰক্ষীক চমজাই দিয়ে। বৰ্তমান ধৃত চাইবাৰ অপৰাধীকেইটাক লাহৰীঘাট আৰক্ষীয়ে অধিক তথ্যৰ বাবে সোধা-পোছা অব্যাহত ৰাখিছে।

প্ৰেৰক আবুল কালাম

You might also like